১৯৮৩ ৰ ২০ মাৰ্চ -এটা অভিশপ্ত দিন, ভুপেন ডেকাসহ ৬ জন ব্যক্তি ছহিদ হৈছিল
আজিৰ দিনটো অসমীয়াৰ খিলঞ্জীয়াৰ লগতে তেজপুৰবাসীৰ বাবে এটা ক’লা দিন। ইতিহাসৰ এটা তেজলগা দিন। জাতিক বাংলাদেশীয়ে আক্ৰমণ কৰা দিন।
তেজপুৰঃ "অসম আন্দোলন" আকাশে বতাহে আন্দোলনৰ চিঞৰ। বাংলাদেশী খেদাৰ হুংকাৰ। আকাশত জুইৰ দাবানল। অন্যতম সাহসী তেজপুৰৰ ছাত্ৰ নেতা ভূপেন ডেকা যাৰ তেজত প্ৰতিক্ষণে প্ৰবাহিত আছিল অসম প্ৰেম। যাৰ উদ্দাত্ত কণ্ঠৰ আহ্বানত ওলাই আহিছিল শত সহস্ৰ প্ৰতিবাদী জনতা৷
ছহিদ ভূপেন ডেকাক লৈ বুধবাৰে তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই শ্ৰদ্ধা জনায়। অনুষ্ঠান ভাগ লৈ তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীয়ে শ্ৰদ্ধাঞ্জলি জনাই ছহিদ গৰাকীলৈ।
কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা বিদ্ৰোহী মণিপুৰী মহিলাগৰাকীক নিৰ্ভয়ে মাতি আনি তৰুণ অসম সংঘত সমৰ্ধনা জনোৱা সেই ভূপেন ডেকা.... পুলিচে লাঠি চার্জ দিওঁতে কলেজীয়া আন্দোলকাৰী ছাত্ৰীসকলক ঘেৰাও কৈ ধৰি মাজত সুমুৱাই সতীৰ্থ সকলৰ সৈতে পিঠি পাতি দিয়া বীৰ ভূপেন ডেকা। (লাঠী চার্জ দিলে ঘেৰাও হৈ মাজত ছোৱালীহঁতক ৰক্ষা কৰিবৰ বাবে সুমুৱাই পুলিচক পিঠি পাতি দিলে পিঠিত কিমান মাৰিব পাৰে আপুনি ভাৱক, আজিও হয়তো কোনোবা সতীৰ্থৰ পিঠিত কোব খোৱা চিন ওলাব।)
অসমজুৰি নেতৃত্ব দিয়া ২৬ বছৰীয়া দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক ভূপেন ডেকাৰ কাল হৈছিল ১৯৮৩ চনৰ ২০ মার্চৰ দিনটো৷ নলবাৰীত জন্মগ্ৰহণ কৰি তেজপুৰৰ মোমায়েকৰ ঘৰত নিগাজীকৈ থাকিছিল ভূপেনডেকা৷ ৰাইজৰ বুকুৰ কুটুম যেন ভূপেন ডেকাক আৰু সতীৰ্থ ৬ জনকৈ অসমীয়া বীৰক জামুগুৰিৰপৰা ভিতৰুৱা ব্ৰহ্মপুত্ৰৰ কাষৰীয়া অঞ্চল "লাল তাপু" চৰত বাংলাদেশীয়ে নিৰ্মমভাৱে হানি খুচি হত্যা কৰিছিল।
এজন প্ৰকৃত জাতীয়তাবাদী নেতা। সেইদিনা ভূপেন ডেকাক জনোৱা হৈছিল কিছু মুছলমান সম্প্ৰদায়ৰ বাংলাদেশীয়ে লালতাপু আগ্ৰাসন কৰিছে। বীৰ পুৰুষজন ৰ’ব পৰা নাছিল তেজপুৰৰ কাম কেইটা কৰি জামুগুৰীলৈ ঢাপলি মেলিছিল। জামুগুৰিৰ ৰাইজে তেওঁক বাধা দিছিল চৰলৈ যাবলৈ আৰু ভূপেন ডেকা মান্তি নহৈছিল অৱশেষত ভূপেন ডেকাৰ লগত আৰু ৬ জন সতীৰ্থই তাপুলৈ বাট বুলিছিল সত্য বিচাৰি।
কিন্তু দুৰ্ভাগ্য আছিল যে তেওঁলোক যোৱাৰ খবৰ বাংলাদেশীয়ে আগতীয়াকৈ পাইছিল আৰু বাংলাদেশীহঁতে অস্ত্ৰ শস্ত্র লৈ অসমজুৰি নেতৃত্ব দিয়া বাংলাদেশীৰ মূৰৰ কামোৰণী ডেকাক হত্যা কৰিবলৈ জোপ লৈছিল। অৰ্থাৎ এক পৰিকল্পনা আছিল তেওঁক হত্যা কৰাৰ। এই ঘটনা ঘটিছিল নেলী হত্যাকাণ্ডৰ প্ৰায় ১ মাহৰ পিছত। বিভিন্ন সময়ত শুনি অহাৰ মতে ভূপেন ডেকাক হত্যা কৰিবলৈ শোণিতপুৰ জিলাৰ বিভিন্ন অঞ্চলৰপৰা অস্ত্ৰধাৰী বাংলাদেশী গৈ লালতাপুত খোপনি লৈছিল। অৱশেষত ভূপেন ডেকা সহিতে ডেকা কেইজন গৈ তাপুত ভৰি দিয়াৰ পিছতেই অতৰ্কিটে জোপ লৈ থকা বাংলাদেশীয়ে আক্ৰমণ কৰি হানি খুচি, ঘপিয়াই হত্যা কৰিছিল ৭ জনকৈ অসমীয়া সৈনিকক।
এতিয়াও সেই সময়ৰ কাৰোবাক সুধিলে চকু পানী নিগৰাই উত্তৰ দিয়ে ভূপেনৰ নিচিনা আৰু কোনোদিন নোলাব যি সন্মুখত মৃত্যু দেখিও নিৰ্ভয়ে বাংলাদেশীৰ লগত যুজঁ কৰি মৃত্যু আঁকোৱালি লৈছিল।
আজি হয়তো ভূপেন ডেকা জীয়াই থকাহেতেন অসমৰ এজন উচ্চ পৰ্যায়ৰ নেতা হলহেঁতেন কিন্তু বিধিৰ লিখন মচিব কোনে..?
বেহুলৈ পৰিকল্পিতভাৱে ঠেলি পঠোৱা হৈছিল নেকি তেওঁক? নোলাল আজিলৈকে৷
ভূপেন ডেকাৰ মৃতদেহ আনি তেজপুৰ পাওঁতে লাখ লাখ মানুহে চকুপানী টুকিছিল৷ পথৰ মাজত নাম কীৰ্তন কৰিছিল।
কিন্তু দুৰ্ভাগ্য আছিল বীৰজনৰ মৃতদেহ চাবলৈ অহা মানুহৰ ওপৰতো কন্দুৱা গেছ নিক্ষেপ কৰা হৈছিল। লাঠী চালনা, গুলিবৰ্ষণ কৰা হৈছিল। কিন্তু সেই ত্যাগ আজি ত্যাগ হৈয়েই ৰ’ল৷ তেওঁলোকৰ তেজৰ বিনিময়ত হোৱা অসম চুক্তি ৰূপায়ন নহ’ল।
কোনোবা নেতা হ’ল৷
কোনোবা মন্ত্ৰী হ’ল৷
ছহিদৰ ত্যাগ অথলে গ’ল। আজি শ্বহীদৰ ত্যাগৰ বিনিময়ত গঠন হোৱা অগপ নেতাই কিদৰে শ্ৰদ্ধাঞ্জলি জনালে সেয়া সঁছায়ে দুৰ্ভাগ্য আৰু বেদনা দায়ক।
ছহীদ ভূপেন ডেকাক লৈ শ্ৰদ্ধা জনাই তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই। অনুষ্ঠান ভাগ লৈ তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীয়ে শ্ৰদ্ধাঞ্জলি জনাই ছহীদ গৰাকীলৈ।