গুৱাহাটীঃ বৃহস্পতিবাৰৰপৰা ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হ’ব সংস্কাৰ ভাৰতীৰ ভৰত মুনি নাট সমাৰোহ। তিনিদিনীয়া কাৰ্যসূচীৰে ১২ মাৰ্চলৈ অনুষ্ঠিত হ'ব লগা নাট সমাৰোহৰ কাৰ্যসূচী শুকুৰবাৰে সন্ধিয়া ছয় বজাত শুভাৰম্ভ কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° মৃদুল হাজৰিকা, পূৰ্বোত্তৰ মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰৰ অধ্যক্ষ ওম প্ৰকাশ ভাৰতী আৰু বাবা যোগেন্দ্ৰজীয়ে। ইয়াৰ পিছতে ৬.৩০ মিনিটত ছিকিম নাট্য বিদ্যালয়ৰদ্বাৰা মঞ্চস্থ হ'ব নাটক তীৰ্ষা।  ১০ মাৰ্চত মণিপুৰ নাট্যদল আৰু ৰাঁচীৰ নাট্যদলৰদ্বাৰা চাণক্যৰ ৰাজতন্ত্ৰৰ আধাৰত ৰচিত নাট মঞ্চস্থ হ'ব। তাৰ পৰবৰ্তী ১১ মাৰ্চত অনুষ্ঠিত হ'ব হিমাংশু দাসৰ নাটক ৰাণ আৰু অচ্যুত লহকৰৰ জীৱনীৰ ওপৰত নিৰ্মিত নাট মহানায়ক।