গুৱাহাটীঃ বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনৰ ভূমি এইখন অসম৷ বিভিন্ন পৰম্পৰা সংস্কৃতিৰ ভড়াল এই খন অসম৷ বহল সাংস্কৃতিক পথাৰখনত বিভিন্ন ধাৰ্মিক, ভাষা-ভাষিক তথা সাংস্কৃতিক গোটৰ বিভিন্ন উৎসৱ পালন কৰা হয়৷ পৰম্পৰাগত উৎসৱ-পাৰ্বন সমূহে আমাক সদায় একতা তথা ভাতৃত্বৰে বান্ধ খাই ৰাখিছে৷ এই উৎসৱ পাৰ্বনৰ ভিতৰত অন্যতম ৰাজ্য খনৰ নেপালী ভাষিক লোকসকলৰ তিহাৰ উৎসৱ৷

তিহাৰ শাৰদীয় উৎসৱ যদিও পাঁচদিনধৰি উলাহ-মালহেৰে পালন কৰে নেপালী লোকসকলে৷ কৃষিজীৱি নেপালী ভাষিক লোকসকলৰ ধাৰ্মিক, সামাজিক,  সাংস্কৃতিক, লোকবিশ্বাস, আশা-আকংক্ষা আদিকে প্ৰকাৰন্তৰে প্ৰতিফলিত হয় এই উৎসৱত৷ পৰম্পৰামতে ভাৰতীয় গোৰ্খা অৰ্থাৎ নেপালী সমাজৰ ধৰ্মীয় তথা সাংস্কৃতিক উৎসৱ "তিহাৰ''৷ অসমত যুগ যুগ ধৰি বসবাস কৰি অহা নেপালী লোকসকলে এই উৎসৱ পালন কৰি আহিছে যদিও ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে দেখা যায়৷

প্ৰতিবছৰে ভাতৃ দ্বিতীয়াৰ দিনটো চৰকাৰী বন্ধৰ দিন ঘোষণা কৰাৰ দাবী জনাই আহিছে যদিও চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷

ইয়াৰ মাজতে বিশ্বনাথ জিলাত বসবাস কৰা গোৰ্খাসকলে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয় "ধৰ্মীয়-সাংস্কৃতিক পৰম্পৰা অনুসৰি কাতি মাহৰ ত্ৰয়োদশী তিথিৰপৰা কাতি মাহৰ শুক্লপক্ষৰ দ্বিতীয়া তিথিলৈকে পাঁচদিনীয়া উৎসৱৰ অন্তিম দিনা ভাতৃ দ্বিতীয়া অৰ্থাৎ ভাইটিকাৰ দিনটো গোৰ্খা সমাজৰ অস্তিত্বৰ কথা জড়িত হৈ আছে। চৰকাৰক আমি ভাইটিকাৰ দিনটো চৰকাৰি বন্ধ ঘোষণা কৰাৰ দাবী জনাই আহিছো৷ কিন্তু চৰকাৰে আমাৰ দাবীক কেতিয়াও গুৰুত্ব আৰোপ কৰা নাই৷ কেৱল ইমানে নহয় বিশ্বনাথৰ লিটিল ষ্টাৰ স্কুলত পৰীক্ষা অনুষ্ঠিত হ’ব৷ বিশ্বনাথ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ লগতে বিশ্বনাথ জিলা নেপালী সাহিত্য সভা, গোৰ্খা সন্মিলন আদিকে ধৰি অভিভাৱকসকল দুখিত হৈ পৰিছো৷ সমগ্র অসমৰ গোৰ্খা সমাজৰ আবেগক গুৰুত্ব দি ৩৬৫ দিনৰ ভিতৰত ভাতৃ দ্বিতীয়াৰ দিনটো মাথো চৰকাৰী বন্ধৰ দিন হিচাবে ঘোষণা কৰিব দিছো"৷

কেৱল ইমানে নহয় বহুবাৰ দাবী কৰি অহা সত্বেও চৰকাৰে স্বাধীনতাৰ পূৰ্বৰপৰাই বৃহত্তৰ অসমীয়া জাতি গঠনৰ ক্ষেত্ৰত অৱদান আগবঢ়াই অহা গোৰ্খা সমাজৰ অনুভতিক অৱহেলা কৰা বুলি বিশ্বনাথ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গোৰ্খা সকল ক্ষোভিত হৈ পৰা বুলি জানিব পৰা গৈছে। ছাত্ৰ-ছাত্ৰীৰ লগতে চাকৰীজীৱি গোৰ্খাসকল উদাস হোৱা বুলি উল্লেখ কৰি এই বছৰৰপৰা বলৱৎ হোৱাকৈ প্ৰতিবছৰে ভাতৃ দ্বিতীয়াৰ দিনটো চৰকাৰী বন্ধৰ দিন হিচাবে ঘোষণা কৰাৰ দাবী জনাই বিশ্বনাথ জিলা গোৰ্খা ছাত্ৰ সন্থা, নেপালী সাহিত্য সভা, গোৰ্খা সন্মিলন আদি দল-সংগঠনৰ লগতে স্থানীয় গোৰ্খা ৰাইজে।