তিনিচুকীয়াঃ তিনিচুকীয়াৰ নৃশংস ঘটনাই সকলোতে কপাঁই গ’ল৷ গণ প্ৰহাৰত প্ৰাণ গ’ল মাতৃৰ। আনফালে পুত্ৰই চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে৷ উন্মাদ লোকে নিৰ্মমভাৱে মৰিয়াই মৰিয়াই হত্যা কৰিলে মাতৃক। পুনৰ মৰেল পুলিচগিৰি প্ৰকোপ প্ৰভাৱে জোকাৰি গ’ল ৰাজ্য৷
তিনিচুকীয়াৰ বাহাদুৰ চাৰিআলিত সংঘটিত হয় এই নৃশংস ঘটনা।
শৌচালয়ৰ গাঁতত দুমহীয়া সন্তানৰ সৈতে উদ্ধাৰ হৈছিল মহিলাৰ মৃতদেহ। স্বামীগৃহৰ পৰিয়ালে মাতৃ-সন্তানক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে। মৃত মহিলাগৰাকীৰ নাম ৰাধা গৌড়।
মৃতদেহ উদ্ধাৰৰ পাছতে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হয়। স্বামীগৃহৰ পৰিয়ালৰ লোকক উত্তেজিত জনতাই আক্ৰমণ কৰে৷ মহিলাৰ লগতে এচাম পুৰুষে ঘৰ-দুৱাৰ ভাঙি, বেতেৰে মৰিয়াই এই কাম কৰে৷
আইন হাতত তুলি স্বামী আৰু শাহুৱেকৰ ওপৰত কৰা আক্ৰমণৰ ঘটনাক আৰক্ষীয়েও পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে৷ আৰক্ষীৰ চকুৰ সমুখতে
উন্মত্তলোকৰ প্ৰহাৰত মৃত্যু হয় যমুনা তাঁতী আৰু গুৰুতৰভাৱে আহত হয় অজয় তাঁতীৰ।
দুৰ্ভাগ্যজনকভাৱে এই ভয়ংকৰ পৰিস্থিতিত একেটা পৰিয়ালৰ ৩ জন সদস্যৰ মৃত্যুৰ লগতে ১ জন জীৱন-মৰণ সৈতে যুঁজ কৰিছে৷