উজ্জ্বল চৌধুৰী, লিডুঃ আলফা স্বাধীনত পুনৰ খহনীয়া, আন এজন সদস্যৰ আত্মসমৰ্পণ।
বৃহস্পতিবাৰে আলফা স্বাধীনৰ ছাৰ্জেণ্ট মেজৰ নীৰৱ সন্দিকৈ ওৰফে জয়দ্বীপ মৰাণ, কৰুণজ্যোতি চেতিয়া ওৰফে উদ্দিপন অসম আৰু পলাশ দাস ওৰফে লাটুমনি অসমে আত্মসমৰ্পণ কৰাৰ পিছতে পুনৰ বৃস্পতিবাৰে নিশা তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে আন এগৰাকী আলফা সদস্যই।
আত্মসমৰ্পণকাৰী সদস্য গৰাকী ইন্দ্ৰজিৎ গগৈ ওৰফে তেজ অসম। আত্মসমৰ্পণৰ সময়ত কেডাৰগৰাকীয়ে এটা ৯ এমএম পিষ্টলৰ সৈতে এটা মেগজিন আৰু পাঁচ জাঁই সজীৱ গুলী জমা দিয়ে তিনিচুকীয়া আৰক্ষীক। তেজ অসম শদিয়াৰ বছা গাঁৱৰ বাসিন্দা।