newsnextone.com | ডিজিটেল ডেস্কঃ এনআৰচিৰ খচৰা প্ৰকাশৰ পিছতে বিভিন্ন জনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে। তৃণমূল কংগ্ৰেছে ৰাজনীতি আৰম্ভ কৰিছে সদনৰ বাহিৰে ভিতৰে। তৃণমূলৰ সাংসদে সদন উত্তাল কৰাৰ লগতে ইতিমধ্যে তৃণমূলৰ নেত্ৰী মমতা বেনাৰ্জীয়ে অসমলৈ অহাৰ কথা ঘোষণা কৰিছিল। আনহাতে ৩০ জুলাইৰ পুৱাই এনআৰচিৰ সম্পূৰ্ণ খচৰা মুকলি কৰাৰ পিছতে মমতা বেনাৰ্জীয়ে এখন সংবাদ মেল অনুষ্ঠিত কৰি কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰিছিল।

মমতাই এক পৰিকল্পনা কৰি মানুহৰ নাম বাদ পেলোৱা হৈছিল বুলি কৈ আমি এই কাৰণেই উদ্বিগ্ন যে তেওঁলোকে নিজ দেশতে শৰণাৰ্থী হৈছে বুলি কৈছিল। বাংলাভাষী মানুহ আৰু বিহাৰীক খেদাৰ এক পৰিকল্পনা কৰা হৈছে। আমাৰ ৰাজ্যত এই বিষয়ত প্ৰভাৱ পৰিব বুলি কয়।

ইয়াৰ মাজতে মমতাই নিজ দল তৃণমূলৰ সাংসদক অসমলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লয়। দেশৰ আন বিৰোধী দলৰ সাংসদ সহ তৃণমূলৰ সাংসদৰ এটা প্ৰতিনিধি দল অসমলৈ আহি বিভিন্ন লোকক লগধৰি এনআৰচিৰ বিষয়ত বুজ ল'ব।