আগৰতলাঃ ,শুকুৰবাৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ৰূপে শপত ললে বিপ্লৱ কুমাৰ দেৱে৷ ত্ৰিপুৰাৰ ২৫ বছৰীয়া বামপন্থীৰ ৰাজত্বক তচনচ কৰা বিপ্লৱ কুমাৰ দেৱক ৰাজ্যপাল তথাগত ৰয়ে শপত বাক্য পাঠ কৰোৱায়৷

 

ৰাজ্যখনৰ ৰাজধানী আগৰতলাৰ ৰাইফলছ মৈদানত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত বিপ্লৱ কুমাৰ দেৱক ৰাজ্যপালে গোপনীয়তাৰ শপত বাক্য পাঠ কৰায়৷

আনহাতে বিজেপিৰ নেতা জিষ্ণু দেৱ বৰ্মানে উপ-মুখ্যমন্ত্ৰী ৰূপে শপত লয়৷ বিজেপি-আইপিএফটি মিত্ৰজোঁটে বিগত সপ্তাহত ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচনত চিপিআইএমক পৰাভূত কৰি আধিপত্য বিস্তাৰ কৰিছিল৷ উত্তৰ-পূবাঞ্চলৰ সৰ্বহাৰাৰ নেতা ৰূপে জনাজাত মাণিক সৰকাৰৰ ২৫ বছৰীয়া দুৰ্গক ধ্বংস কৰি ত্ৰিপুৰাত গেৰুৱা দলৰ পতাকা উৰুৱাই বিজেপিয়ে ইতিহাস ৰচনা কৰে৷

উল্লেখ্য যে, ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচনৰ ১৮ ফেব্ৰুৱাৰীত ঘোষণা কৰা ফলাফল অনুসৰি ৬০ খন আসনৰ ভিতৰত বিজেপি দলে ৩৫খন আসনত বিজয় সাব্যস্ত কৰে৷ সংবাদ মাধ্যমে এই ফলাফলৰ বাবে মুল হোতা বিপ্লৱ কুমাৰ দেৱ বুলি কব খোজে৷ ত্ৰিপুৰাৰ বনমালী বিধান সভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে বিধায়ক ৰূপে৷  বিপ্লৱ দেৱৰ ১৯৬৯ চনৰ ২৫ নৱেম্বৰত ত্ৰিপুৰাৰ গোমতী জিলাৰ ৰাজধৰ নগৰ গাঁৱৰ এটি মধ্যবিত্ত পৰিয়ালত জন্ম হৈছিল৷ 

তেওঁৰ পিতৃ হৰাধন দেৱ জনসংঘৰ স্থানীয় নেতা আছিল৷ ত্ৰিপুৰাৰ উদয়পুৰ কলেজৰ পৰা বিপ্লৱ দেৱে ১৯৯৯ চনত স্নাতক ডিগ্ৰী লাভ কৰিছিল৷ তাৰ পাছত তেওঁ উচ্চ শিক্ষাৰ বাবে দিল্লীলৈ গৈছিল৷ দিল্লীত বিপ্লৱ দেৱে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সদস্য হিচাপে জড়িত হৈ ১৬ বছৰ সংঘৰ কাৰ্যকৰ্তা হিচাপে কাম কৰিছিল৷ বিপ্লৱ দেৱে সংঘৰ জেষ্ঠ নেতা গোবিন্দ আচাৰ্য আৰু কৃষ্ণগোপাল শৰ্মাৰ ওচৰত প্ৰশিক্ষণ লৈছিল৷ 

শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰ, বিজেপিৰ অধ্যক্ষ অমিত শ্বাহ, বিজেপিৰ জ্যেষ্ঠ নেতা লাল কৃষ্ণ আদৱানী, মুৰলী মনোহৰ যোশী, গৃহমন্ত্ৰী ৰাজনাথ সিং উপস্থিত থাকে৷