গুৱাহাটীঃ মহানগৰীৰ মাজ মজিয়াৰ লখৰাত অষ্ট্ৰেলিয়াৰ খেলুৱৈই কঢ়িযাই অনা বাছত শিল দলিওৱা ঘটনাৰ চাঞ্চল্য আজিও অব্যাহত আছে৷ মঙলবাৰে নিশা অষ্ট্ৰেলিয়া ক্ৰিকেট দলক কঢ়িযাই অনা বাছত দুৰ্বৃত্তই শিল দলিয়াই আইনা ভাঙে৷ নিশা প্ৰায় ১১-২০ বজাত মহানগৰীৰ ব্যস্ত ৰাষ্ট্ৰীয় ঘাই পথৰ সমীপৰ লখৰাত সংঘটিত এই ঘটনাৰ পিছতে ৰাজ্যৰ আৰক্ষী প্ৰশাসন সস্তম হৈ পৰে৷ ঘটনাৰ পিছতে বুধবাৰে মহানগৰ আৰক্ষীয়ে তিনিটাকৈ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷

ইয়াৰ মাজতে আৰক্ষীয়ে অভিযান চলাই এগৰাকী ট্ৰাক চলক আৰু হেণ্ডিমেনক ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত আটক কৰে৷ ৰাকেশ হাজোৱাৰী নামৰ ট্ৰাক চালক আৰু পবিত্ৰ ক্ষেত্ৰীয় নামৰ হেণ্ডিমেনজনক ট্ৰাক থৈ ঘৰলৈ গৈ থকাৰ সময়তে গড়চুক আৰক্ষীয়ে সাউকুছিৰ পৰা আটক কৰে৷ ইতিমধ্যে আৰক্ষীয়ে কোনো প্ৰমাণ নোহোৱাকৈ চালক-হেণ্ডিমেন জনক আটক কৰা বুলি পৰিয়ালে অভিযোগ উত্থাপন কৰে৷

মঙলবাৰে কাৰ কি খেল আছিল তেওলোকে নাজানে বুলি কৈ উক্ত দিনা তেওলোকে যোৰাবাটত No Entryত ৰৈ থাকিব লগা হৈছিল বুলি কয় চালক-হেণ্ডিমেনৰ পৰিয়ালে৷ মহানগৰীৰ বৰ্ষাপাৰাত মঙলবাৰে অনুষ্ঠিত ভাৰত-অষ্ট্ৰেলিয়াৰ মেচখন সমাপ্ত হোৱাৰ পিছতে এই ঘটনা সংঘটিত হয়৷ ভাৰত-অষ্ট্ৰেলিয়াৰ তিনি দিনীয়া শৃংখলাৰ দ্বিতীয় টি-২০ মেচখন সমাপ্ত হোৱাৰ পিছতে ৰাজ্য প্ৰশাসনে এখন বিশেষ বাছেৰে খেলুৱৈক হোটেললৈ আনি থকাৰ সময়তে লখৰাৰ জনবসতি এলেকাত বাছ খনত কোনো দুৰ্বৃত্তই শিল দলিয়াই বাছখনৰ এখন খিৰিকিৰ আইনা ভাঙি পেলায়৷ এই ঘটনাত বাছ খনত থকা কোনো খেলুৱৈ হতা-হত হোৱা নাই৷

অষ্ট্ৰেলিয়াৰ খেলুৱৈই Aaron Finchএ খোদ ফেচবুক পেজত ফটো সহ কেপচন লিখি আপলোড কৰাৰ পিছতহে ঘটনা পোহৰলৈ আহে৷ Aaron Finchএ ফেচবুকত আপলোড দিয়াৰ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই খবৰ ব্ৰেকিং নিউজ হৈ পৰে। খেলুৱৈইগৰাকীয়ে এই পোষ্ট দিয়াৰ পিছতে ৰাজ্যৰ সচেতন মহল চিন্তিত হৈ পৰে৷ মঙলবাৰৰ এই ঘটনাই অসমীয়াৰ স্বাভিমানত আঘাত হানে৷ ক্ৰীড়াৰ এক বৰ্নিল তথা গৌৰৱৰ অধ্যায় আৰম্ভণি হোৱাৰ সময়তে এনে কাণ্ডই আঘাত দিছে অসমীয়াক৷ নিজৰ দেশৰ দলে পৰাজয় বৰণ কৰাৰ যন্ত্ৰণা সহিব নোৱাৰি শিল দলিয়াই দেশ প্ৰেম দেখুৱাবলৈ গৈ অসমীয়াক অপমান কৰে ঘটনাৰ সৈতে জড়িত লোকে৷