ওদালগুৰিঃ বিটিএডিৰ ওদালগুৰি জিলাত বুধবাৰে পুৱাৰে পৰা সদৌ অসম ছাত্ৰ সন্থাই অসম মহিলা বিশ্ববিদ্যালয় ৰাজ্য চৰকাৰে বন্ধ কৰিব বিচৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ কেইবাশতাধিক আছুৰ নেতা-কৰ্মীয়ে মুখত কলা কাপোৰ বান্ধি ওদালগুৰি জিলাৰ সদৰত প্ৰতিবাদ সাব্যস্ত কৰে৷
ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত ছাত্ৰ সন্থাই শীঘ্ৰে মহিলা বিশ্ববিদ্যালয়ত স্থায়ী উপাচার্য নিযুক্তি দি পূৰ্ণংগ ৰূপ দিয়াৰ দাবী জনাই চৰকাৰক৷ ইমানে নহয় অৱস্থান ধৰ্মঘটথলীৰ পৰাই আছুৱে চৰকাৰক সকীয়াই দি বিশ্ববিদ্যালয় খন বন্ধ কৰাৰ কথা পহৰি যাওক বুলি সকীয়াই দিয়ে চৰকাৰক৷
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ওদালগুৰি জিলা ছাত্ৰ সন্থাই ওদালগুৰি শ্বহীদ ভৱনৰ সন্মুখত মুখত ক'লা কাপোৰ বান্ধি দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত তিনিঘণ্টীয়া কাৰ্যসূচীত ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত কেইবাটাও আঞ্চলিক সমিতিৰ নেতা, সদস্যই অংশগ্ৰহণ কৰে।
অসম বিধানসভাৰ সিদ্ধান্ত মৰ্মে অসম মহিলা বিশ্ববিদ্যালয় স্থাপন হৈছিল। অসম তথা উত্তৰ-পুৰ্বাঞ্চলৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় অসম মহিলা বিশ্ববিদ্যালয়খন অসমৰ স্বাভিমান। এই মহিলা বিশ্ববিদ্যালয়খনক পূৰ্ণ পৰ্যায়ৰ ৰূপ প্ৰদান কৰাত পূৰ্ৱৰ ৰাজ্য চৰকাৰখন ব্যৰ্থ হৈছিল। আনকি এগৰাকী স্থায়ী উপাচাৰ্য্য নিযুক্তিটো ব্যৰ্থ হৈছিল পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে ওদালগুৰি আছুই।
পূৰ্বৰ চৰকাৰে কৰিব নোৱাৰা কামসমূহ বৰ্তমানৰ পৰিৱৰ্তনশীল চৰকাৰখনে কৰি দেখুওৱাৰ আশা প্ৰকাশ কৰিছে বুলিও আছু নেতৃত্বই মত প্ৰকাশ কৰে। প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলক ন্যায় প্ৰদানকে ধৰি সাত দফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে। কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্যিক কাৰ্যনিৰ্বাহক বিতোপন দাস জিলা আছুৰ সভাপতি-সম্পাদক প্ৰাঞ্জল পাটোৱাৰী চাইফুল হক।