DNA India
DNA India

newsnextone.com | ডিজিটেল ডেস্কঃ বিজেপি-পিডিপিৰ মিত্ৰতা ভংগৰ পিছতে মহাৰাষ্ট্ৰৰ আঞ্চলিক দল তথা বিজেপিৰ মিত্ৰ দলে শিৱসেনাই বিজেপিৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ আৰম্ভ কৰিছে৷ এইবাৰ জম্মু কাশ্মীৰত অৰাজকতা সৃষ্টি কাৰাৰ অভিযোগ উত্থাপন কৰে শিৱসেনাই৷ শিৱসেনাই অভিযোগ উত্থাপন কৰি কয় যে জম্মু কাশ্মীৰত অৰাজকতাৰ সৃষ্টি কৰি চৰকাৰৰ পৰা ওলাই আহিছে বিজেপিয়ে৷ বিজেপিৰ লালসাৰ বাবে চৰকাৰ গঠন কৰি এনে কৰা কাৰ্যক ইতিহাসে ক্ষমা নকৰিব বিজেপিক৷

পিটিআইত প্ৰকাশিত এক খবৰ মতে, শিৱসেনাই জম্মু-কাশ্মীৰত বিজেপিৰ শাসনকালক ব্ৰিটছৰ শাসন কাল আখ্যা দিয়ে৷ বিজেপিয়ে দেশদ্ৰোহী, হিংসা-হত্যাৰ ৰোধ কৰাত বেয়াকৈ বিফল হৈছে বুলিও কয়৷ কিন্তু বিজেপিয়ে বিফলতাৰ বাবে পিডিপিক দোষাৰোপ কৰিছে৷ দেশ চলোৱা কোনো কেচুৱাৰ কাম নহয় বুলি কয়৷

শিৱসেনাৰ মুখপাত্ৰ ‘চামনা’ত প্ৰকাশিত প্ৰতিবেদন মতে, জম্মু-কাশ্মীৰত কেতিয়াও ইমান বেয়া দিন অহা নাছিল৷ তেজৰ নৈ কেতিয়াও ইমান বৈ যোৱা নাছিল৷ ইমান জোৱানৰ মৃত্যু কেতিয়াও হোৱা নাছিল৷

এই কাৰ্য কেৱল বিজেপিৰ শাসনৰ কালত হৈছে৷ পিডিপিৰ নেত্ৰীৰ গাত দোষ জাপি কোনো ভদ্ৰ মানুহে এনেদৰে চৰকাৰৰ পৰা ওলাই নাহে৷ কাশ্মীৰত লালসাৰ বাবে চৰকাৰ বনাইছিল বিজেপিয়ে৷ ৰাষ্ট্ৰ, জোৱান আৰু কাশ্মীৰৰ নাগৰিকক এই বিজেপিৰ লালসাৰ বাবে এতিয়া সমস্যা ভোগ কৰিব লগা হ’ল৷ ইতিহাসে বিজেপিক কেতিয়াও ক্ষমা নকৰিব৷

ইয়াৰ পূৰ্বে উদ্ধৱ থাকৰেই ৬০০ জোৱান মৃত্যুৰ পিছতহে বিজেপিয়ে পিডিপিক এৰিব লাগে বুলি গম পালে বুলি তীব্ৰ আক্ৰমণ কৰিছিল৷