তিনিচুকীয়াঃ বৰ্তমান আপুনি যিকোনো গেলামালৰ দোকান, গুমটি বা পাণ দোকানত দেখিবলৈ পাব তৰহে তৰহে বিভিন্ন কোম্পানীৰ মুখৰোচক খাদ্য সামগ্ৰীৰ পেকেট। কিন্তু জনসাধাৰণৰ বাবে তেনে মুখৰোচক খাদ্য স্বাস্থ্যসন্মত নে?

বিভিন্ন পানীয়ৰ বটল আৰু অন্যান্য খাদ্যৰ পেকেটত স্বাস্থ্য হানিকাৰক দ্ৰব্য,পদাৰ্থ ওলোৱাৰ খবৰ আমি প্ৰায়ে পাইয়ে থাকোঁ। এনে সময়তে তিনিচুকীয়া চহৰৰ মাজ-মজিয়াৰ এখন দোকানত বিক্ৰী কৰা জালমুড়িৰ পেকেটত ওলাল পোক।

প্ৰাপ্ত তথ্য অনুসৰি তিনিচুকীয়াৰ খৰ্গেশ্বৰ ৰোডত থকা এখন দোকানৰ পৰা এজন গ্ৰাহকে এটা জালমুড়িৰ পেকেট ক্ৰয় কৰে। চাজ ফুড প্ৰডাক্ট কোম্পানীৰ বিস্ক ফাৰ্ম নামৰ জালমুড়িৰ পেকেটটো খোলাৰ লগে লগে পেকেটটোত পোকৰ দৰে বস্তু এটা গ্ৰাহকজনে দেখিবলৈ পায়।

এই বিষয়ে জানিব পাৰি সদৌ তাই আহোম ছাত্ৰ সন্থা, তিনিচুকীয়া জিলা সমিতি আৰু হিন্দু ছাত্ৰ সন্থা, তিনিচুকীয়া জিলা সমিতিয়ে বিষয়টো অৱগত কৰি যুটীয়া স্বাস্থ্য সঞ্চালকলৈ এই ঘটনাৰ বাবে উক্ত কোম্পানীটোৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ বাবে স্মাৰক পত্ৰ প্ৰদান কৰে।

চাজ ফুড প্ৰডাক্ট কোম্পানীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে সংগঠন দুটাই নিজাববীয়াকৈ উক্ত কোম্পানীৰ উৎপাদিত খাদ্য সামগ্ৰী বিক্ৰী তিনিচুকীয়াত নিষিদ্ধ কৰিব বুলিও সকীয়াই দিয়ে।