গুৱাহাটীঃ জীৱনটোত বহু সময়ত জাতিকুল তথা ভেদভাৱৰ বাবে ঘৃণাৰ পাত্ৰ হৈ পৰিছিল৷ নীচ জাতিৰ সন্তান হোৱাৰ বাবে অপমাণ সহ্য কৰিব লগা হৈছিল৷ নিজ ইচ্ছা মতে এটি বিষয়ত পঢ়িব পৰা নাছিল৷ সমাজৰ এক শ্ৰেণীৰ লোকৰ ভয়ত পিছ পৰি নথকা যুৱকজনে নিজে নিজে নিজক শিক্ষা দিছিল ভাল পোৱা বিষয়টোত৷ একাংশ লোকে বাধা দিয়া বিষয়ত জিলিকিও উঠিছিল৷ সেই গৰাকী লোকেই অৱশেষত দেশ খনৰ মুল স্তম্ভ প্ৰণয়ন কৰিছিল৷
যাৰ তলত দেশ আজি থিয় হৈ আছে৷ হয়, ভীমৰাও আম্বেদকাৰৰ কথাই কৈছো৷ দেশৰ সংবিধানৰ খচৰা প্ৰস্তুতি সমিতিৰ সভাপতি তথা ভাৰতীয় সংবিধানৰ প্ৰণেতা, ৰাজনৈতিক নেতা, দাৰ্শনিক, বুৰঞ্জীবিদ ভীমৰাও আম্বেদকাৰ৷ নানা গুণৰ অধিকাৰী দেশৰ প্ৰথমগৰাকী আইন মন্ত্ৰী ভীমৰাওৰ বুধবাৰে মৃত্য তিথি৷ দেশ-বিদেশৰ লগতে অমসতো বিবিন্ন ঠাইত পবিত্ৰ মৃত্যু তিথিত অসমৰ ৰাইজেও মহান নেতাগৰাকীক স্মৰণ কৰে৷
মহানগৰীৰ দিছপুৰ লাষ্টগেটত তথা ভীমৰাও আম্বেদকাৰ প্ৰতিমূৰ্তিত বিভিন্ন লোকে শ্ৰদ্ধাঞ্জলি যাচে৷ ৰাজ্যৰ চৰকাৰৰ মন্ত্ৰী-বিধায়ক তথা বিভিন্ন দল-সংগঠনৰ নেতাই দেশৰ এগৰাকী মহান নেতাক স্মৰণ কৰে৷ মন্ত্ৰী পৰিমল শুক্লবৈদ্যও দিছপুৰ লাষ্টগেটত উপস্থিত হৈ প্ৰতিমূৰ্তিত মাল্যৰ্পণ কৰি শ্ৰদ্ধা যাচে দেশৰ মহান নেতাগৰাকীক৷
ভীমৰাও ৰামজী আম্বেদকাৰে ৬৫ বছৰত ১৯৫৬ ৬ ডিচেম্বৰত মৃত্যুক আকোৱালি লৈছিল৷ এজন শ্ৰেষ্ঠ দেশ প্ৰেমীক, আইনজ্ঞ, শিক্ষক, আগশাৰীৰ লেখক আছিল ভীম৷ ওৰে জীৱন অনুন্নত, পিছপৰা, দলিতৰ হৈ কাম কৰাৰ লগতে দেশৰ সমগ্ৰ লোকৰ ভৱিষ্যতৰ কথা চিন্তা কৰি গৈছিল৷ দলিত শ্ৰেণীক শিক্ষা গ্ৰহণৰ বাবে আগুৱাই অহাৰ আহ্বান জনাইছিল তেওঁ৷ দলিত শ্ৰেণীক গৰুৰ চামৰা, তথা মল-মূত্ৰ উঠোৱা পৰিস্কাৰ কৰা কামৰ পৰা আতৰি আহি শিক্ষা-দীক্ষা লোৱাৰ আহ্বান জনাই আহিছিল৷
দেশৰ সকলো লোকৰ বাবে সমান চিন্তা, সমান মনোভাৱৰ পৰিবেশ গঢ়াত মনোনিবেশ কৰিছিল৷ তেওঁক বৃটিছ চৰকাৰে যুটীয়া সংসদীয় সমিতিৰ সদস্য হিচাপেও নিযুক্তি দিছিল। দেশ স্বাধীন হোৱাৰ পিছত ভাৰতীয় সংবিধান সভাৰ সদস্য, সংবিধান খচৰা প্ৰস্তুতি সমিতিৰ সভাপতি তথা ভাৰতীয় সংবিধানৰ প্ৰণেতা হিচাপে বিশেষ খ্যাতি লাভ কৰে৷ ২০১২ চনত দুটা আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানে এক বিশেষ সমীক্ষাত মৃত্যুৰ পিছতো জনপ্ৰিয় হৈ থকাৰ ক্ষেত্ৰত আগস্থানত থকা বুলি প্ৰকাশ কৰিছিল৷
নিউজ হিষ্টৰী টিভি আৰু চিএনএন-আইবিএনে সমগ্ৰ দেশত চলোৱা সমীক্ষাত ‘শ্ৰেষ্ঠ ভাৰতীয়’ হিচাপে নিৰ্বাচিত কৰে৷ আনহাতে ১৯৯০ মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্ছ সন্মান ভাৰত-ৰত্ন প্ৰদান কৰা হয়। তেতিয়াৰ মোম্বাই প্ৰদেশৰ ৰত্নগিৰি জিলাত আম্বেদকাৰে ১৮৯১ চনত ১৪ এপ্ৰিলত এটি অনুন্নত-পিছপৰা পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল। মহৰ সম্প্ৰদায়ৰ জন্ম গ্ৰহণ কৰিছিল তেওঁ৷ সেই সময়ত মহৰ সম্প্ৰদায়ক একাংশ লোকে ঘৃণাৰ চকুৰে চাইছিল। হিন্দু ধৰ্মৰ শূদ্ৰ জাতি বুলি ধৰা হৈছিল মহৰসকলক৷
পিছপৰা আৰু হীন বুলি ভবা হয় মহৰ শ্ৰেণীক। প্ৰাথমিক শিক্ষা জন্মস্থান ৰত্নগিৰি আৰম্ভ হৈছিল। মাধ্যমিক শিক্ষাৰ লাভৰ পিতৃয়ে তেতিয়াৰে সম্ভ্ৰান্ত লোকৰ চহৰ মোম্বাই মহানগৰীলৈ তেওক লৈ আহে৷ এল ফিন ষ্ট’ন হাইস্কুলত নাম ভৰ্তি কৰি দিয়ে। বিদ্যালয়তখনত নীচ জাতিকুলৰ হোৱা আম্বেদকাৰে ঘৃণা-অৱহেলাৰ সন্মুখীন হ’ব লগা হাছিল৷
সংস্কৃত শিক্ষাৰ বাবে আগ্ৰহী সেই সময়ৰ কিশোৰগৰাকীক সংস্কৃত শিক্ষা লাভৰ বাবে শিক্ষকে অনুমতি প্ৰদান নকৰাত আম্বেদকাৰে খোদ সংস্কৃতৰ শিক্ষা লৈছিল। সেই গৰাকী কিশোৰে এদিন দেশৰ জনপ্ৰিয় নাগৰিক হৈ পৰাৰ লগতে আমাক এখন সংবিধান সম উন্নয়ণ, সম ন্যায়, সম অধিকাৰ, সমান স্বাধীনতাৰ প্ৰতিশ্ৰুতিৰে এখন সংবিধান উপহাৰ দিছিল৷