ডিজিটেল ডেস্কঃ 'ভি আই পি’ৰ গাড়ীৰ পৰা আতৰিব ৰঙা লাইট৷ ৰঙা লাইট অবিহনেই যাতায়ত কৰিব লাগিব মন্ত্ৰী আৰু বিষয়াই৷ বুধবাৰে 'ভি আই পি’ সকলৰ ৰঙা লাইট সন্দৰ্ভত এক গুৰত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে কেন্দ্ৰীয় কেবিনেটে৷ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ মন্ত্ৰী আৰু বিষয়াসকলৰ ওপৰত প্ৰযোজ্য হ’ব এই সিদ্ধান্ত৷

কেৱল জৰুৰীকালীন বাহন যেনে এম্বুলেন্স এনফৰ্চমেণ্ট এজেন্সীয়েহে ব্যৱহাৰ কৰিব পাৰিব এই ৰঙা লাইট। ১ মে'ৰ পৰা ৰঙা লাইট নোহোৱাকৈয়ে যাতায়ত কৰিব লাগিব কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ মন্ত্ৰী আৰু বিষয়াসকলে৷

মূলত দেশৰ পৰা 'ভি আই পি’ সংস্কৃতি আঁতৰাবলৈয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে৷ কেইবাবছৰৰপৰা পথ পৰিবহণ মন্ত্ৰালয়ে উক্ত বিষয়টো সন্দৰ্ভত চিন্তা-চৰ্চা কৰি আহিছিল৷ ইয়াৰ পূৰ্বেও প্ৰধানমন্ত্ৰীৰ দপ্তৰে বিষয়টো আলোচনা কৰিবলৈ এক আলোচনা চক্ৰও অনুষ্ঠিত কৰিছিল৷

অৱেশ্যে কেবিনেটৰ উক্ত সিদ্ধান্তৰ পিছত কেৱল ৫টা বিশেষ পদবীধাৰীয়ে এই ৰঙা লাইট ব্যৱহাৰ কৰিব পাৰিব৷ ৰাষ্ট্ৰপতি, উপ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ আৰু লোকসভাৰ অধ্যক্ষৰ ক্ষেত্ৰটো প্ৰযোজ্য হ'ব এই আইন। ৰাজ্য চৰকাৰৰ বাবে এই সিদ্ধান্ত প্ৰযোজ্য হ’ব বুলি তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় কেবিনেটে৷