ভাৰতীয় পুঁজিপতি গৌতম আদানিৰ আদানি গ্ৰুপৰ দৰে বিশ্বৰ শক্তিশালী কৰ্পৰেট সত্তাৰ বিৰুদ্ধে জালিয়াতিৰ অভিযোগ উত্থাপন কৰি আলোড়নৰ সৃষ্টি কৰা আমেৰিকাৰ শ্বৰ্ট চেলাৰ কোম্পানী হিণ্ডেনবাৰ্গ ৰিচাৰ্ছে সামৰিবলৈ সাজু হৈছে নিজৰ যাত্ৰা। হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ সকলো কাম-কাজ বন্ধ কৰাৰ বিষয়ে ঘোষণা কৰিছে কোম্পানীটোৰ প্ৰতিষ্ঠাপক নাথান এণ্ডাৰছনে। 

হিণ্ডেনবাৰ্গ ৰিচাৰ্ছ ৱেবছাইটত ব্যক্তিগত টোকাত নাথান এণ্ডাৰছনে কয় যে, “যোৱা বছৰৰ শেষৰ ফালৰ পৰা মই মোৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু মোৰ দলটোক কৈ অহাৰ দৰে মই হিণ্ডেনবাৰ্গ ৰিচাৰ্ছ ভংগ কৰাৰ সিদ্ধান্ত লৈছো।” এই খবৰ প্ৰকাশ পোৱাৰ পিছতে এতিয়া বিশ্বজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। এণ্ডাৰছনৰ এনে আকস্মিক সিদ্ধান্তৰ আঁৰৰ কাৰণ জানিবলৈ উত্সুক হৈ পৰিছে হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ অনুগামীসকল।

উল্লেখ্য যে, ২০১৭ চনত নাথান এণ্ডাৰছনে প্ৰতিষ্ঠা কৰিছিল হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ। এই সংস্থাটোৱে মূলতঃ ফৰেনছিক বিত্তীয় গৱেষণাৰ কাম কৰিছিল। সংস্থাটোৰ কাম আছিল বিভিন্ন কৰ্পৰেট প্ৰতিষ্ঠানৰ বিত্তীয় ব্যৱস্থাপনাৰ স্বচ্ছতা পৰ্যালোচনা কৰা আৰু সম্ভাৱ্য দুৰ্নীতি, অনিয়ম বা প্ৰৱঞ্চনাৰ বিৰুদ্ধে প্ৰমাণ সংগ্ৰহ কৰা। ২০২৩ত আদানি গ্ৰুপৰ বিৰুদ্ধে বিস্ফোৰক অনিয়মৰ প্ৰতিবেদন প্ৰকাশ কৰি আন্তঃৰাষ্ট্ৰীয় সংবাদ শিৰোনাম দখল কৰা হিণ্ডেনবাৰ্গ ৰিচাৰ্ছ এনেদৰে বন্ধ কৰিবলৈ ওলোৱাৰ কাৰণ কি? প্ৰতিষ্ঠাপক এণ্ডাৰছনে কয় যে বহু ভাৱি চিন্তিহে তেওঁ কোম্পানীৰ কাম-কাজ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ আঁৰত কোনো বাধ্য কাৰণ নাই বুলিও স্পষ্ট কৰি দিয়ে এণ্ডাৰছনে।

নাথান এণ্ডাৰছনে কোম্পানীটো বন্ধ কৰাৰ সিদ্ধান্ত সন্দৰ্ভত লিখিছে, “ইয়াৰ কোনো বিশেষ কাৰণ নাই। কোনো বিশেষ ভয় নাই, কোনো স্বাস্থ্যজনিত সমস্যা নাই কিম্বা নাই কোনো ব্যক্তিগত সমস্যা।” এণ্ডাৰছনে লগতে কয় যে, হিণ্ডেনবাৰ্গ তেওঁৰ জীৱনৰ কেৱল এটা অধ্যায়ৰহে নাম, এয়া তেওঁৰ জীৱনৰ মূল কেন্দ্ৰবিন্দু কেতিয়াও নাছিল।

ইফালে, হিণ্ডেনবাৰ্গ ৰিচাৰ্ছ বন্ধ কৰাৰ খবৰ প্ৰকাশৰ পিছতে পৰোক্ষ কটুক্তিৰে আদানি গ্ৰুপৰ মুখ্য বিত্তীয় বিষয়া (চিএফঅ’) জুগেশিন্দৰ সিঙে ছ’চিয়েল মিডিয়া ৱেবছাইট এক্সত লিখিছে, “কিমান গাজী আহিল, কিমান গাজী গ’ল”।

হিণ্ডেনবাৰ্গৰ কাম-কাজ বন্ধ কৰাৰ আঁৰত কোনো বাধ্য কাৰণ নাই বুলি এণ্ডাৰছনে দাবী কৰিলেও শ্বৰ্ট চেলিং কোম্পানীটো বন্ধ কৰাৰ আঁৰত অনেকে অনেক সম্ভাৱনা বিচাৰি উলিয়াইছে। তাৰ ভিতৰত এটা হৈছে আমেৰিকাৰ শেহতীয়াকৈ ৰাজনৈতিক পট পৰিৱৰ্তন। উল্লেখ্য যে, অহা ২০ জানুৱাৰীত দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব ডোনাল্ড ট্ৰাম্পে। লগতে শেহতীয়াকৈ আমেৰিকাৰ সংসদৰ ন্যায়পালিকা সমিতিৰ সদস্য তথা ৰিপাব্লিকান লেন্স গুডেনে ন্যায় বিভাগক আদানি গোচৰৰ সৈতে জড়িত সকলো নথি সংৰক্ষণ কৰিবলৈ কৈছিল।

ইয়াৰোপৰি, ২০২৪ চনৰ জুন মাহত ভাৰতৰ বজাৰ নিয়ন্ত্ৰক ছেবিয়ে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল হিণ্ডেনবাৰ্গক।  হিণ্ডেনবাৰ্গৰ বিৰুদ্ধে গৱেষণা বিশ্লেষকৰ বাবে নিৰ্ধাৰিত নিয়ম উলংঘা কৰাৰ অভিযোগ কৰে ছেবিয়ে। শক্তিশালী কৰ্পৰেট সত্তা আৰু কৰ্পৰেট সত্তাৰ দ্বাৰা নিয়ন্ত্ৰিত প্ৰশাসনৰ হেঁচাত হিণ্ডেনবাৰ্গে নিজৰ কাম-কাজ বন্ধ কৰিবলগা হ’ল নেকি? সেই প্ৰশ্ন এতিয়া অনেকে উত্থাপন কৰিছে।

দেশজুৰি খলকনি তোলা হিণ্ডেনবাৰ্গৰ আদানি প্ৰতিবেদন

২০২৩ চনৰ ২৪ জানুৱাৰীত দেশৰ আগশাৰীৰ ঔদ্যোগিক প্ৰতিষ্ঠান আদানি গ্ৰুপৰ বিৰুদ্ধে এক প্ৰতিবেদন প্ৰকাশ কৰাৰ সময়তে ভাৰতত খবৰৰ শিৰোনাম দখল কৰিছিল হিণ্ডেনবাৰ্গ ৰিচাৰ্ছে। আমেৰিকাৰ শ্বৰ্ট চেলাৰ কোম্পানীটোৰ প্ৰতিবেদনত দাবী কৰা হৈছিল যে আদানি গ্ৰুপৰ স্বত্বাধিকাৰী গৌতম আদানিয়ে ২০২০ চনৰ পৰা তেওঁৰ তালিকাভুক্ত সাতটা কোম্পানীৰ শ্বেয়াৰত খেলিমেলি কৰি ১০০ বিলিয়ন ডলাৰ উপাৰ্জন কৰিছিল।

প্ৰতিবেদনত গৌতম আদানিৰ ভাতৃ বিনোদ আদানিৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছিল আৰু কোৱা হৈছিল যে তেওঁ ৩৭টা শ্বেল কোম্পানী চলাই আছে, যিবোৰ ধন সৰবৰাহত ব্যৱহাৰ কৰা হৈছে। অৱশ্যে আদানি গ্ৰুপে এই অভিযোগসমূহক ভিত্তিহীন বুলি অভিহিত কৰিছিল।

হিণ্ডেনবাৰ্গৰ এই বিস্ফোৰক প্ৰতিবেদনে আদানি গ্ৰুপৰ ওপৰত তদন্তৰ বাবে ভাৰত চৰকাৰৰ ওপৰত হেঁচা সৃষ্টি কৰিব নোৱাৰিলেও এই প্ৰতিবেদনৰ ফলতে ১৫০ বিলিয়ন ডলাৰৰ লোকচানৰ সন্মুখীন হ’বলগীয়া হয় আদানি গ্ৰুপৰ কোম্পানীসমূহ। এই প্ৰতিবেদনৰ এমাহৰ ভিতৰতে আদানিৰ সম্পত্তি ৮০ বিলিয়ন ডলাৰতকৈ অধিক বা ৬.৬৩ লাখ কোটি টকা হ্ৰাস পাইছিল। 

এই প্ৰতিবেদনৰ দহ দিনৰ ভিতৰতে বিশ্বৰ শীৰ্ষ ২০ গৰাকী ধনী ব্যক্তিৰ তালিকাৰ পৰা বাহিৰ হ’বলগীয়া হয় গৌতম আদানি। কিন্তু ইমানেই নহয়,  গৌতম আদানিয়ে কোম্পানীটোৰ ২০ হাজাৰ কোটি টকাৰ এফ পি অ’ বাতিল কৰিবলগীয়া হৈছিল হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ বাবেই। 

ভাৰতত এক ৰাজনৈতিক ধুমুহা বোৱাইছিল হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনে। এই প্ৰতিবেদনৰ আলম লৈ সংসদত উত্থাপন হৈছিল আদানি প্ৰসংগ। গৌতম আদানিৰ বিৰুদ্ধে তদন্তৰ দাবী জনাই চৰকাৰক জবাবদিহি কৰিবলৈ চেষ্টা কৰিছিল ৰাহুল গান্ধীকে ধৰি বিৰোধী সাংসদ আৰু নেতাসকলে। পৰৱৰ্তী সময়ত বিষয়টো উচ্চতম ন্যায়ালয়ত উপস্থিত হয়।

২০২৪ চনৰ ৩ জানুৱাৰীত ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে আদানি গ্ৰুপৰ বিৰুদ্ধে হিণ্ডেনবাৰ্গে উত্থাপন কৰা অভিযোগৰ সন্দৰ্ভত বিশেষ তদন্তকাৰী দল (এছআইটি) গঠন বা তদন্তৰ ভাৰ চিবিআইক অৰ্পণৰ বাবে কৰা আবেদন খাৰিজ কৰে। ইয়াৰ বিপৰীতে এই সম্পূৰ্ণ বিষয়ত ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অৱ ইণ্ডিয়াৰ ওপৰত আস্থা প্ৰকাশ কৰে আদালতে।

এই সিদ্ধান্তৰ পিছতে আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানিয়ে টুইটাৰত পোষ্ট কৰি কয় যে, "উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তই দেখুৱাইছে যে সত্য জয়ী হৈছে। আমাৰ লগত থিয় দিয়াসকলৰ প্ৰতি মই কৃতজ্ঞ। ভাৰতৰ উন্নয়নৰ কাহিনীলৈ আমাৰ অৱদান অপৰিসীম। বিনম্ৰ অৱদান অব্যাহত থাকিব।"

মাধৱী বুচৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ

ইয়াৰ পিছতে যোৱা বছৰৰ আগষ্ট মাহত হিণ্ডেনবাৰ্গে এক প্ৰতিবেদনত ভাৰতৰ ছিকিউৰিটিজ মাৰ্কেট ৰেগুলেটৰ ছেবিৰ বৰ্তমানৰ অধ্যক্ষ মাধৱী পুৰী বুচ আৰু তেওঁৰ স্বামী ধাৱাল বুচৰ বিৰুদ্ধে আৰ্থিক অনিয়মৰ অভিযোগ উত্থাপন কৰিছিল।

হিণ্ডেনবাৰ্গে হুইচেল ব্ল’ৱাৰৰ নথি-পত্ৰৰ উদ্ধৃতি দি অভিযোগ কৰিছিল যে ছেবিৰ অধ্যক্ষ মাধৱী পুৰী বুচ আৰু তেওঁৰ স্বামী ধৱাল বুচৰ আদানি গ্ৰুপৰ আৰ্থিক অনিয়মৰ সৈতে জড়িত অফশ্ব’ৰ কোম্পানীসমূহত অংশীদাৰিত্ব আছে। পিছত ছেবিৰ অধ্যক্ষ মাধৱী বুচ আৰু তেওঁৰ স্বামী ধৱাল বুচে হিণ্ডেনবাৰ্গৰ এই দাবীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দুপৃষ্ঠাৰ বিবৃতি প্ৰকাশ কৰে।

এই বিবৃতিত মাধৱী বুচে কয় যে হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত উল্লেখ কৰা পুঁজিত বিনিয়োগ ২০১৫ চনত কৰা হৈছিল আৰু এই বিনিয়োগ মাধৱী বুচ ছেবিৰ সদস্য হোৱাৰ দুবছৰ পূৰ্বেই কৰা হৈছিল। এই সন্দৰ্ভত ছেবিয়েও কৈছিল যে এনে প্ৰতিবেদনৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ আগতে সেই তথ্যৰ সঠিক মূল্যায়ন কৰা উচিত।

সেই সময়ত ছেবিয়ে কৈছিল যে বিনিয়োগকাৰীসকলে সচেতন হ’ব লাগে যে হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ প্ৰতিবেদনত এটা ডিচক্লেইমাৰ আছে য’ত কোৱা হৈছে যে কোম্পানীটোৱে আলোচনা কৰা বণ্ডসমূহত শ্বৰ্ট পজিচন ৰাখিব পাৰে।

হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ প্ৰতিবেদনত কোৱা হৈছিল যে আদানি গ্ৰুপৰ কথিত আৰ্থিক অনিয়মত ব্যৱহাৰ কৰা অফশ্ব’ৰ কোম্পানীসমূহত ছেবিৰ অধ্যক্ষগৰাকীৰ অংশীদাৰিত্ব আছিল। প্ৰতিবেদনত এই দাবীও কৰা হয় যে  ইণ্ডিয়া ইনফ’লাইনৰ ই এম ৰিজাৰ্জেণ্ট ফাণ্ড আৰু ইণ্ডিয়া ফ’কাচ ফাণ্ডৰ দ্বাৰা পৰিচালিত আদানিৰ অন্যান্য সন্দেহজনক শ্বেয়াৰহোল্ডাৰ কোম্পানীসমূহৰ বিৰুদ্ধে ছেবিয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

প্ৰতিবেদনত মাধৱী পুৰী বুচৰ ব্যক্তিগত স্বাৰ্থ আৰু বজাৰ নিয়ন্ত্ৰকৰ মুৰব্বী হিচাপে তেওঁৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰে হিণ্ডেনবাৰ্গে। কোম্পানীটোৱে  কয় যে আদানি গ্ৰুপ সন্দৰ্ভত ছেবিয়ে কৰা তদন্তৰ পুংখানুপুংখ তদন্ত কৰা উচিত।

হিণ্ডেনবাৰ্গ ৰিচাৰ্ছে কয় যে হুইচেল ব্ল’ৱাৰগৰাকীৰ পৰা লাভ কৰা নথি অনুসৰি ছেবিত নিযুক্তি পোৱাৰ কেইসপ্তাহমান পূৰ্বে মাধৱী পুৰী বুচৰ স্বামী ধৱাল বুচে মৰিচাছৰ পুঁজি প্ৰশাসক ট্ৰাইডেণ্ট ট্ৰাষ্টক ইমেইল কৰিছিল। প্ৰতিবেদনত তেওঁ আৰু তেওঁৰ পত্নীৰ গ্ল’বেল ডাইনামিক অ’পৰ্চনিটিজ ফাণ্ডত কৰা বিনিয়োগৰ কথাও উল্লেখ কৰা হৈছিল।

হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত কোৱা হয় যে মাধৱী বুচ ছেবিৰ অধ্যক্ষ হোৱাৰ পূৰ্বে তেওঁৰ স্বামীয়ে তেওঁক যৌথ একাউণ্টটো চলাবলৈ অনুৰোধ জনাইছিল। অৰ্থাৎ মাধৱী বুচ ছেবি চেয়াৰমেন হোৱাৰ আগতে তেওঁ পত্নীৰ একাউণ্টৰ পৰা সকলো সম্পত্তি আঁতৰাব বিচাৰিছিল।

হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ প্ৰতিবেদনৰ প্ৰতিক্ৰিয়া

হিণ্ডেনবাৰ্গে প্ৰতিবেদন প্ৰকাশ কৰাৰ পিছতে ছেবিৰ মুৰব্বী মাধৱী বুচ আৰু তেওঁৰ স্বামী ধৱাল বুচে হিণ্ডেনবাৰ্গৰ অভিযোগ অস্বীকাৰ কৰি এক বিবৃতি প্ৰকাশ কৰে। তেওঁলোকে এই অভিযোগক কু-অভিপ্ৰায়ৰ প্ৰেৰিত বুলি অভিহিত কৰে।

বিবৃতিটোত কোৱা হয় যে, "হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত উল্লেখ কৰা পুঁজিটোত বিনিয়োগ কৰাৰ সিদ্ধান্ত ২০১৫ চনত লোৱা হৈছিল। দুয়োজনেই সেই সময়ত সাধাৰণ নাগৰিক আছিল আৰু ছিংগাপুৰত বাস কৰিছিল। এইটো আছিল মাধৱী পুৰীৰ ছেবিৰ সৈতে জড়িত হোৱাৰ দুবছৰ আগৰ কথা।" 

বিবৃতিটোত লগতে উল্লেখ কৰা হয়, "এই ফাণ্ডত বিনিয়োগ কৰাৰ সিদ্ধান্ত লোৱা কাৰণ আছিল এই ফাণ্ডৰ মুখ্য বিনিয়োগ বিষয়া অনিল আহুজা ধৱালৰ শৈশৱৰ বন্ধু আৰু দুয়োজনে স্কুল আৰু আই আই টি দিল্লীৰ পৰাই ইজনে সিজনক চিনি পায়। ২০১৮ চনত যেতিয়া আহুজাই ফাণ্ড হাউছৰ  পৰা ওলাই আহে, তেতিয়া আমাৰ এই বিনিয়োগ উলিয়াই লওঁ। অনিল আহুজাই স্পষ্ট কৰি দিছে যে কোনো এটা সময়তে ফাণ্ড হাউছে আদানি গ্ৰুপ কোম্পানীৰ কোনো বণ্ড, ইকুইটি বা ডেৰাইভেটিভত বিনিয়োগ কৰা নাছিল।”

ইফালে, এই ৰিচাৰ্ছৰ পিছত ছেবিয়ে কয় যে আদানি গ্ৰুপৰ ক্ষেত্ৰত ছেবিয়ে ২৪টা তদন্তৰ ভিতৰত ২৩টা তদন্ত সম্পূৰ্ণ কৰিছে আৰু শেষৰ তদন্তও প্ৰায় সম্পূৰ্ণ হৈছে। ছেবিৰ তথ্য অনুসৰি আদানি গ্ৰুপলৈ ১০০ৰো অধিক চমন আৰু প্ৰায় ১১০০ খন চিঠি আৰু ইমেইল জাৰি কৰা হৈছে। ইয়াৰ উপৰিও ছেবিয়ে ঘৰুৱা আৰু বিদেশী নিয়ন্ত্ৰকৰ সৈতে ৩০০ৰো অধিক আলোচনা কৰিছে। ইয়াৰ উপৰিও ১২ হাজাৰ পৃষ্ঠাৰ নথি-পত্ৰ পৰ্যালোচনা কৰা হৈছে।

মাধৱী পুৰী বুচক লক্ষ্য কৰি হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনক লৈও আদানি গ্ৰুপে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। গোটটোৱে এক বিবৃতি প্ৰকাশ কৰি কয় যে হিণ্ডেনবাৰ্গে কৰা অভিযোগে দুৰ্নীতিপৰায়ণ আৰু দুষ্টামিৰে ৰাজহুৱাভাৱে উপলব্ধ তথ্য নিৰ্বাচন কৰিছিল। যাতে ব্যক্তিগত লাভৰ বাবে পূৰ্বনিৰ্ধাৰিত সিদ্ধান্তত উপনীত হ’ব পৰা যায়। এইটো তথ্য আৰু আইন উলংঘা।

বিবৃতিটোত কোৱা হৈছে যে, "আমি আদানি গ্ৰুপৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সম্পূৰ্ণৰূপে নাকচ কৰিছো। এই অভিযোগসমূহ পুনঃব্যৱহাৰ কৰা ভিত্তিহীন দাবী যিবোৰৰ সম্পূৰ্ণ তদন্ত কৰা হৈছে। এই অভিযোগসমূহ ২০২৪ চনৰ জানুৱাৰী মাহতেই উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছে।"

হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ প্ৰকৃত উদ্দেশ্য

আমেৰিকান কোম্পানী হিণ্ডেনবাৰ্গ ৰিচাৰ্ছ এতিয়া বন্ধ হৈ আছে যদিও তেওঁলোকৰ কামৰ এটা মূল দিশ আছিল শ্বৰ্ট চেলিং। হিণ্ডেনবাৰ্গে কোম্পানীসমূহৰ ওপৰত প্ৰতিবেদন প্ৰস্তুত কৰে আৰু সেই প্ৰতিবেদন প্ৰকাশ কৰা শ্বেয়াৰ বজাৰত কোম্পানীৰ শ্বেয়াৰ মূল্য হ্ৰাসৰ প্ৰয়াস কৰে। কোম্পানীটোৰ প্ৰতিষ্ঠাপক নাথান এণ্ডাৰছনে নিজকে এজন এক্টিভিষ্ট শ্বৰ্ট চেলাৰ বুলি অভিহিত কৰিছে, অৰ্থাৎ তেওঁ বজাৰত সংকটত পৰা কোম্পানীসমূহৰ বিৰুদ্ধে কাম কৰিছিল আৰু তেওঁলোকৰ আৰ্থিক অনিয়মসমূহ উদঙাই দিবলৈ চেষ্টা কৰিছিল।

২০১৭ চনৰ পৰাই হিণ্ডেনবাৰ্গ ৰিচাৰ্ছে কাম আৰম্ভ কৰিছিল আৰু বিভিন্ন সময়ত এনে প্ৰতিবেদন প্ৰস্তুত কৰা বুলি দাবী কৰিছে যাৰ ফলত আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছন (এছইচি) বহু ঘৰুৱা আৰু বিদেশী কোম্পানীত হোৱা বিত্তীয় অনিয়ম আৰু অবৈধ লেনদেন উন্মোচন কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে আফেৰিয়া, পাৰ্ছিং গোল্ড, নিকোলা, আৰু আন বহু কোম্পানীত হোৱা আৰ্থিক অনিয়মৰ কথা প্ৰকাশ কৰাৰ দাবী কৰে।

ইয়াৰ উপৰিও হিণ্ডেনবাৰ্গ ৰিচাৰ্ছে দাবী কৰিছে যে তেওঁলোকে তেওঁলোকৰ প্ৰতিবেদন আৰু অন্যান্য কাৰ্য্যকলাপৰ জৰিয়তে বহু কোম্পানীৰ শ্বেয়াৰৰ মূল্য হ্ৰাস কৰিছে। তেওঁলোকৰ কামৰ ফলত শ্বেয়াৰ বজাৰত কিছু বৃহৎ পৰিৱৰ্তন হৈছে।

হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ নাম প্ৰথমে চৰ্চালৈ আহিছিল ট্ৰাক কোম্পানী নিকোলাৰ সৈতে, য’ত তেওঁলোকে কোম্পানীটোৰ আৰ্থিক অনিয়মৰ ওপৰত এক প্ৰতিবেদন প্ৰস্তুত কৰিছিল। পিছত গোচৰটো আদালতলৈ যায় আৰু নিকোলা কোম্পানীৰ প্ৰতিষ্ঠাপকজনক আদালতত দোষী সাব্যস্তও কৰা হয়।

হিণ্ডেনবাৰ্গৰ আঁৰত কোন আছে?

হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ মুৰব্বী হৈছে নাথান ওৰফে নেট এণ্ডাৰছন। এণ্ডাৰছনে ২০১৭ চনত এই কোম্পানীটো প্ৰতিষ্ঠা কৰিছিল। নেট এণ্ডাৰছনে আমেৰিকাৰ কানেকটিকাট বিশ্ববিদ্যালয়ৰ পৰা অধ্যয়ন কৰিছে।

এণ্ডাৰছনে আন্তঃৰাষ্ট্ৰীয় ব্যৱসায় অধ্যয়ন কৰি Fact-Set Research Systems নামৰ এটা ডাটা কোম্পানীত নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। এই কোম্পানীটোত এণ্ডাৰছনে বিনিয়োগ ব্যৱস্থাপনা কোম্পানীসমূহৰ সৈতে কাম কৰিছিল। ২০২০ চনত ৱাল ষ্ট্ৰীট জাৰ্নেলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এণ্ডাৰছনে কয় যে, “মই অনুভৱ কৰিছিলো যে এই লোকসকলে এটা সৰল বিশ্লেষণ কৰি আছে।”

সংবাদ সংস্থা ৰয়টাৰৰ মতে, এণ্ডাৰছনেও ইজৰাইলত কিছুদিন এম্বুলেন্স চলাইছিল। এণ্ডাৰছনৰ লিংকডইন প্ৰফাইলত কোৱা হৈছে যে এম্বুলেন্সৰ চালক হিচাপে কৰা কামে তেওঁক বহু চাপৰ মাজতো কিদৰে কাম কৰিব লাগে সেই শিক্ষা প্ৰদান কৰিছিল।

এণ্ডাৰছনৰ প্ৰফাইলত এই কথাও উল্লেখ আছে যে তেওঁৰ ৪০০ ঘণ্টাৰ চিকিৎসা অভিজ্ঞতা আছে। বহু সাক্ষাৎকাৰত এণ্ডাৰছনে আমেৰিকাৰ একাউণ্টেণ্ট হেৰী মাৰ্কোপুলছক নিজৰ আদৰ্শ হিচাপে উল্লেখ কৰিছে। উল্লেখ্য যে, এণ্ডাৰছনৰ আদৰ্শ হেৰীয়েও ২০০৮ চনত বাৰ্নাৰ্ড মেডফ পঞ্জি আঁচনিখনক কেন্দ্ৰ কৰি হোৱা দুৰ্নীতিৰ কথা উদঙাই দিছিল। শেহতীয়াকৈ এই মেডফত নেটফ্লিক্সৰ এখন ছিৰিজও মুকলি কৰা হৈছে। এই ছিৰিজখনৰ নাম হৈছে – ৱাল ষ্ট্ৰীটৰ মনষ্টাৰ।

ক’ৰ পৰা আহিছে হিণ্ডেনবাৰ্গ নাম?

বছৰটো আছিল ১৯৩৭ চন। তেতিয়া জাৰ্মানীত শাসন কৰিছিল হিটলাৰে। এই সময়ছোৱাত এখন বিমান জাহাজ আছিল। নাম আছিল– হিণ্ডেনবাৰ্গ এয়াৰশ্বিপ। এয়াৰশ্বিপৰ পিছফালে স্বস্তিকা আছিল, নাজী যুগৰ প্ৰমাণ। 

আমেৰিকাৰ নিউ জাৰ্চিত মাটিৰ পৰা আকাশলৈ চাই থকাসকলে বিমানখনত লক্ষ্য কৰিছিল এক অস্বাভাৱিক বিসংগতি।  তাৰ পিছতে এক তীব্ৰ বিস্ফোৰণেৰে আকাশমাৰ্গতে জ্বলি উঠে বিমানখন। আৰু মাত্ৰ ত্ৰিশ ছেকেণ্ডৰ ভিতৰতে ধ্বংসস্তূপ হৈ মাটিত সৰি পৰে হিণ্ডেনবাৰ্গ এয়াৰশ্বিপ।

এই বিমানখনত আছিল ১৬টা হাইড্ৰজেন গেছৰ বেলুন। প্ৰায় ১০০ জন লোকক এয়াৰশ্বিপখনত বলপূৰ্বকভাৱে বহিবলৈ দিয়া হৈছিল। পৰিণামস্বৰূপে দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱাবলগীয়া হয় ৩৫ জন লোকে।

এক সাক্ষাত্কাৰত নাথান এণ্ডাৰছনে প্ৰকাশ কৰা মতে, নাজী যুগৰ সেই বিমানখনৰ পৰাই তেওঁ তেওঁৰ কোম্পানীটোৰ নাম হিণ্ডেনবাৰ্গ ৰাখে। এখন বিলাসী বিমান যিদৰে ধ্বংস হৈ পৰিছিল, নাথানৰ সংস্থাটোৱেও কৰ্পৰেট জগতত ইটোৰ পিছত সিটো কেলেংকাৰী উদঙাই দি ‘মানৱসৃষ্ট দুৰ্যোগ’ ৰোধৰ বাবে কাম কৰে বুলি মন্তব্য কৰিছিল এণ্ডাৰছনে।