আগৰতলাঃ ত্ৰিপুৰা বিধানসভাৰ নিৰ্বাচনৰ গৰম বতাহ এতিয়া মিডিয়াত বলিব ধৰিছে৷ বিজেপিয়ে অনুমান কৰা মতেই ফলাফল লাভ কৰাৰ পিছতেই এতিয়া নানা তৰহৰ চৰ্চা আৰম্ভ হৈছে৷ কোন মুখ্যমন্ত্ৰী হ’ব৷ কাৰ বাবে বিজেপিয়ে এই ফলাফল আজুৰি আনিলে তাক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে৷ ৰাজ্যখনত ২৫ বছৰ শাসনকাৰী দল চিপিএমৰ তচনচ কৰি বিজয়ধ্বজা উৰুৱাইছে কেন্দ্ৰৰ শাসনকাৰী দল বিজেপিয়ে৷ চাৰিবাৰকৈ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈ থকা মাণিক সৰকাৰক আকৌ দেখিবলৈ পোৱা নাযাব ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ৰূপে৷
আকৌ দেশৰ দুখীয়া মুখ্যমন্ত্ৰীৰ তালিকাত নাম দেখিবলৈ পোৱা নাযাব মাণিক সৰকাৰৰ৷ গেৰুৱা দল বিজেপিয়ে বাওঁপন্থী দলক শোচনীয়ভাৱে গাদীচ্যুত কৰি উত্তৰ-পূবৰ ৰাজ্যত লাহে লাহে একাধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ পূৰ্বৰ মুখ্যমন্ত্ৰী মাণিক সৰকাৰক ক্ষমতাৰ পৰা আঁতৰাই পেলোৱাৰ পাছত তেওঁৰ ৰাজনৈতিক জীৱনৰ ভৱিষ্যত কি হ’ব সেয়াহে লক্ষণীয় হৈ পৰিছে৷ মাণিক সৰকাৰ কোন? এই প্ৰশ্নটোৰ সহজ উত্তৰ লাভ কৰিছিল সমগ্ৰ দেশৰ প্ৰজাই বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বেই৷ যিটো প্ৰশ্নৰ উত্তৰটোৱেই দিছিল মাণিক সৰকাৰৰ পৰিচয়৷
নিৰ্বাচনৰ পূৰ্বে মনোনয়ন পত্ৰৰ সৈতে গাঁঠি দিয়া তথ্যৰ ভিত্তিত জানিব পৰা গৈছিল মুখ্যমন্ত্ৰী মাণিক সৰকাৰৰ সম্পত্তি কিমান? যাৰ একাউণ্টত আছিল মাত্ৰ ৩৯৩০ টকা৷ এই পৰিমাণৰ জৰিয়তেই মাণিক সৰকাৰে লাভ কৰিছিল দেশৰ দুখীয়া মুখ্যমন্ত্ৰীৰ ভিতৰত প্ৰথম স্থান৷ সৰকাৰে বৰ্তমানলৈকে চৰকাৰৰ ওচৰত কোনো কৰ দিব লগা হোৱা নাই৷ বামপন্থী নেতাগৰাকীয়ে ২৫বছৰে মুখ্যমন্ত্ৰী হৈ লাভ কৰা সকলো পাৰিশ্ৰমিক দান কৰি আহিছিল নিজ দলক৷ যিয়ে দৰমহা হিচাপে মাহেকৰ মূৰত লৈছিল মাত্ৰ ৫০০০ টকাকৈ৷ ৬৯ বৰ্ষীয় নেতা মাণিক সৰকাৰৰ হাতত থকা ধনৰ পৰিমাণ আছিল ১৫২০৷
আনহাতে একাউণ্টত আছিল ২৪১০টকা৷ মাণিক সৰকাৰে ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল ছাত্ৰ অৱস্থাতে৷ আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম কলেজত পঢ়ি থাকোঁতেই সৰকাৰে ষ্টুডেণ্ট ফেডাৰেছন অফ ইণ্ডিয়াৰ হৈ প্ৰাৰ্থীত্ব আগবঢ়াই বিজয়ী হৈছিল আৰু তেনেকৈয়ে মাণিক সৰকাৰৰ ৰাজনৈতিক জীৱন আৰম্ভ হৈছিল৷ ১৯৬৭ চনত মাণিক সৰকাৰে চিপিএমৰ স্থায়ী সদস্য হিচাপে ভৰ্তি হৈ দলৰ সক্ৰিয় ভূমিকা পালন কৰি গৈছিল৷
১৯৭২ চনত ২৩ বছৰ বয়সতে সৰকাৰক ৰাজনৈতিক দক্ষতাৰ উমান পায় চিপিএম দলৰ ত্ৰিপুৰা ষ্টেট সমিতিত চামিল কৰি লয়৷ ইয়াৰ পাছত ১৯৮০ চনত হোৱা ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত সৰকাৰে দলৰ হৈ টিকট লাভ কৰি প্ৰথমবাৰতে বিজয়ী হ’বলৈ সক্ষম হয়৷ ১৯৯৩ চনত মাণিক সৰকাৰে চিপিএম দলৰ ৰাজ্য সচিব হিচাপেও নিৰ্বাচিত হোৱাৰ পাছত আৰু উলটি চাবলগীয়া নহ’ল৷ ১৯৯৮ চনত প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হোৱাৰ লগতে একেৰাহে চাৰিবাৰকৈ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা মাণিক সৰকাৰৰ ত্ৰিপুৰাত চলাই থকা একাধিপত্যৰ অৱসান ঘটিছে শনিবাৰে ঘোষণা কৰা বিধানসভা নিৰ্বাচনৰ ফলাফলৰ জৰিয়তে৷