firstpost

newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতে ৰাজ্যখনৰ নতুন চৰকাৰ গঠনক লৈ সৃষ্টি হৈছে মত-বিবাদৰ৷ মঙলবাৰে নিৰ্বাচনৰ ত্ৰিশংকুশ ফলাফলৰ পাছতে কংগ্ৰেছ-জেডিএছ আৰু বিজেপিয়ে চৰকাৰ গঠনৰ বাবে উঠি পৰি লাগিছে৷ 

বুধবাৰে কংগ্ৰেছে নিৰ্বাচনত জয়লাভ কৰা ৭৮ গৰাকী বিধায়কক লৈ এখন বৈঠক অনুষ্ঠিত কৰিব৷ কৰ্ণাটক প্ৰদেশ কংগ্ৰেছ কমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত হ’বলগীয়া বৈঠকখনত সিদ্ধাৰামাইয়া আৰু কংগ্ৰেছ দলৰ কেন্দ্ৰীয় প্ৰতিনিধি সকল উপস্থিত থাকিব৷

ইফালে বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী বি এছ য়েদেৰুপ্পাৰ নেতৃত্বত দিনৰ ১১ বজাত দলৰ বিধায়ক সকলৰ এখন বৈঠক অনুষ্ঠিত হ’ব৷ এই বৈঠকত য়েদেৰুপ্পাক দলৰ নেতা বাচনি কৰা হ’ব৷ বাংগালুৰুত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকখনত দলৰ ১০৪ গৰাকী বিধায়কৰ উপস্থিতি আশা কৰা হৈছে৷ বৈঠকখনত দিল্লীৰ প্ৰতিনিধি কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাবৰেকাৰ, জেপি নড্ডা আৰু ধৰ্মেন্দ্ৰ প্ৰধানে অংশ ল’ব৷

কিন্তু কৰ্ণাটকৰ চৰকাৰ গঠনৰ বাবে ৰাজ্যপালে কোন দলক আমন্ত্ৰণ জনায় সেয়া এতিয়াও নিশ্চিত হোৱা নাই৷ ৰাজ্যপাল বজুভাই বালাৰ ওচৰত এতিয়া দুটা বিকল্প আছে৷ তেওঁ ৰাজ্যখনত সফল দল হিচাপে জয়লাভ কৰা বিজেপিক সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবৰ বাবে নিৰ্দেশ প্ৰদান কৰিব পাৰে৷ অথৱা কংগ্ৰেছ আৰু জেডিএছ মিত্ৰজোটক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰিত কৰিব পাৰে৷ উল্লেখ্য যে কংগ্ৰেছ-জেডিএছ-এ চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় ১১২ খন আসন লাভেৰে চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰি আছে৷

আনহাতে চৰকাৰ গঠনক লৈ মত-আলোচনা চলি থকা সময়তে এগৰাকী বিজয়ী কংগ্ৰেছ বিধায়কক দল এৰি বিজেপিত যোগদান কৰিবলৈ ‘অফাৰ’ প্ৰদান কৰা বুলিও খবৰ পোৱা গৈছে৷ কিন্তু কংগ্ৰেছ বিধায়কগৰাকীয়ে জেডিএছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কুমাৰস্বামীক মুখ্যমন্ত্ৰী হিচাপে স্বীকাৰ কৰি বিজেপিৰ প্ৰস্তাৱ খাৰিজ কৰা বুলি জানিব পৰা গৈছে৷ 

উল্লেখ্য যে, মঙলবাৰে প্ৰকাশ হোৱা কৰ্ণাটক বিধানসভা নিৰ্বাচনত এইবাৰ কোনো দলেই সংখ্যা গৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নহ’ল৷ বিজেপিয়ে ১০৪ আসন লাভ কৰি সংখ্যা গৰিষ্ঠতাৰ পৰা ৮ খন আসন পিছুৱাই থকাৰ বিপৰীতে কংগ্ৰেছে ৭৮ খন আৰু জনতা দল চেকুলাৰে ৩৮ খন আসন লাভ কৰিবলৈ সক্ষম হয়৷

ফলাফল লাভ কৰাৰ পিছতে ছোনীয়া গান্ধীয়ে জনতা দল চেকুলাৰৰ অধ্যক্ষ এছ ডি দেৱগৌৰাৰ সতে ফৌনিক বাৰ্তালাপ কৰে৷ ইয়াৰ পিছতে দলৰ জ্যেষ্ঠ নেতা গুলাম নবী আজাদ আৰু অশোক গহলোতে মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াৰ আৱাসত উপস্থিত হৈ জেডিএছ আৰু কংগ্ৰেছৰ জোটবন্ধৰ ঘোষণা কৰে৷ দলে আলোচনা কৰি কুমাৰস্বামীক মুখ্যমন্ত্ৰী হিচাপে মনোনীত কৰে৷

সন্ধিয়া ৫ বজাত জেডিএছ-কংগ্ৰেছৰ এক প্ৰতিনিধিৰ দলে ৰাজভৱনত উপস্থিত হৈ ৰাজ্যপালক সাক্ষাত কৰে৷ প্ৰতিনিধিদলে ৰাজ্যপালক বিধায়কৰ সমৰ্থন পত্ৰ অৰ্পণ কৰি চৰকাৰ গঠনৰ বাবে দাবী জনায়৷ প্ৰতিনিধি দলটোৱে বিধায়কসকলৰ পৰা জৰুৰী সমৰ্থনৰ বাবে ৰাজ্যপালৰ পৰা দুদিনৰ সময় বিচাৰে৷