লংকাঃ পুৰুষ প্ৰধান সমাজখনত ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে নাৰীৰ ওপৰত পুৰুষৰ শাৰিৰীক তথা মানসিক ভাৱে কৰা অত্যাচাৰৰ ন ন ঘটনা! এটাৰ পাছত আন এটা নাৰী নিৰ্যাতনৰ ঘটনাই কঁপাই গৈছে সমগ্ৰ ৰাজ্য। কেতিয়াৱা যদি পথত অকলশৰীয়া নাৰীক কেন্দ্ৰ কৰি লোৱা হৈছে, কেতিয়াৱা আকৌ যৌতুকৰ বলি হৈ মৃত্যুক সাৱতি ল’ব লগা হৈছে নাৰীয়ে। 

স্বামী গৃহত যৌতুকৰ বলি হৈ মৃত্যুক সাৱতি লোৱা এক চাঞ্চল্যকৰ ঘটনাই কঁপাই গ'ল লংকাৰ শংকৰদেৱ নগৰৰ কান্দুৰা। যৌতুকৰ বাবে নিজ স্বামী আৰু শাহুয়েকে বিষ খুৱাই হত্যা কৰিলে এগৰাকী মহিলাক।  

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, লংকাৰ শংকৰদেৱ নগৰৰ কান্দুৰাৰ অৰ্জুন দাস নামৰ ব্যক্তি এজনে পূৱ ভালুকমাৰীৰ ৰূপালী দাসৰ লগত ৬ বছৰ পূৰ্বে বিৱাহ পাশত আৱদ্ধ হৈছিল। কিন্তু বিবাহৰ দিন পাৰ হোৱা পাছৰ পৰাই স্বামী অৰ্জুন দাস আৰু শাহুয়েক মিনতি দাসে ঘৰুৱা নানান কথাত  অজুহাত দেখুৱাই আৰু যৌতুক বিচাৰি নানা শাৰিৰীক তথা মানসিক ভাৱে হাৰাশাস্তি দি আহিছিল ৰূপালী দাসক। 

সোমবাৰে ৰূপালীৰ ওপৰত কৰা অত্যাচাৰৰ সীমা চেৰাই শাহুয়েক মিনতি দাসে শস্যত দিয়া কীটনাশক দ্ৰব্য কৌশলেৰে খুৱাই দিয়ে ৰুপালীক। পিছত ৰূপালীৰ পূৱ ভালুকমাৰীৰ নিজ মাকৰ ঘৰৰ পৰিয়ালে উক্ত কথাটো গম পাই ততাতয়াকৈ হোজাইৰ চিকিত্সালয়লৈ লৈ যায় আৰু পিছত উন্নত চিকিত্সাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে। কিন্তু ৰূপালীয়ে চিকিত্সাধীন অৱস্থাতে মৃত্যুক আকোৱালি লয়।  

পিছত ৰূপালীৰ পৰিয়ালে শুকুৰবাৰে শংকৰদেৱ নগৰৰ আৰক্ষী চকীত অৰ্জুন দাস আৰু মিনতি দাসৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত শংকৰদেৱ নগৰৰ আৰক্ষীয়ে দুয়োজনকে আটক কৰে আৰু বৰ্তমান আটকাধীন দুয়ো অভিযুক্ত লংকা আৰক্ষীৰ জিম্মাত।