ডিজিটেল ডেস্কঃ দৰমহা বিচৰাৰ বাবেই মালিকে ১৩ বছৰীয়া নাবালক এজনৰ হাত কাটি পেলোৱাৰ ঘটনাই তোলপাৰ লগাইছে পাকিস্তানত। ঘটনাৰ বিৱৰণি অনুযায়ী পাকিস্তানৰ পঞ্জাৱ অঞ্চলৰ চফাকত বিবি নামৰ মহিলাগৰাকীৰ ঘৰত ৩ হাজাৰ টকাৰ দৰমহাৰ বিনিয়মত কাম কৰিছিল ইৰফান নামৰ ১৩ বছৰীয়া নাবালকজনে৷  

ইৰফানৰ মাকৰ ভাষ্য মতে ইৰফানে চফাকত বিবিক দৰমহাৰ কথা সোধাত খৰ্গহস্ত হৈ পৰে বিবি। 'কাম ভালদৰে নকৰ, আৰু দৰমহা লাগে’- এইবুলি কৈ বিবিয়ে এশিকনি দিব গৈ গৰু-ছাগলীৰ ঘাঁহ কটা মেচিনেৰে ইৰফানৰ হাতখন কাটি পেলায়৷ 

লাহোৰৰ পৰা ৫০ কিলোমিটাৰ দুৰৰ শ্বেইখুপুৰ গাঁৱত ঘটনা এই ঘটনাৰ পিছতে অঞ্চলটোত হুৱা-দুৱা লাগে৷ ইৰফানক স্থানীয় হস্পিতালত ভৰ্তি কৰোৱা হয়৷ আৰক্ষীয়ে ইতিমধ্যে চফাকত বিবিৰ লগতে তেঁওৰ ভায়েককো আটক কৰা বুলি জানিবপৰা গৈছে৷