Newsnextone | ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী য়েদেয়ুৰপ্পাই শনিবাৰে প্ৰমাণ কৰিব লাগিব বিজেপিৰ সংখ্যাগৰিষ্ঠতা৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি শনিবাৰে সন্ধিয়া ৪ বজাৰ সদনৰ বৈঠকত বিজেপি মুখ্যমন্ত্ৰী য়েদেয়ুৰাপ্পাই নিজ দলৰ সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণ দিব লাগিব৷

আদালতৰ নিৰ্দেশ অনুসৰি সংখ্যগৰিষ্ঠতা প্ৰমাণৰ পূৰ্বে সদনৰ অধ্যক্ষৰ নিযুক্তি প্ৰদান কৰা হ’ব৷ প্ৰটেম অধ্যক্ষই প্ৰথমে ৰাজ্যখনৰ নৱনিৰ্বাচিত বিধায়কসকলক শপত গ্ৰহণ কৰাব৷ তাৰ পিছতে বিজোপিয়ে চৰকাৰ গঠনৰ বাবে নিজৰ সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণ দিব লাগিব৷

আনহাতে উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ অনুসৰি সংখ্যা গৰিষ্ঠতা প্ৰমাণ নহোৱা পৰ্যন্ত মুখ্যমন্ত্ৰী বি এছ য়েদেয়ুৰাপ্পাই কোনো নীতিগত সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰিব৷ উল্লেখ্য যে, য়েদেয়ুৰাপ্পাই মুখ্যমন্ত্ৰীত্ব লাভ কৰিয়েই ১ লাখ খেতিয়কৰ ঋণ ৰেহাই দিয়াৰ বাবে প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু বিশেষজ্ঞ আৰু বিষয়াসকলে কয় যে এনে কাৰ্য সম্পাদন কৰিবলৈ দীৰ্ঘ সময়ৰ প্ৰয়োজন৷

তদুপৰি সংখ্যা গৰিষ্ঠতা প্ৰমাণ নহোৱা পৰ্যন্ত এংলো-ইণ্ডিয়ান বিধায়কৰ মনোনয়নত উচ্চতম ন্যায়ালয়ে নিষেধাজ্ঞা জাৰি কৰিছে৷ কৰ্ণাটক বিধানসভাত ৰাজ্যপালে এগৰাকী এংলো-ইণ্ডিয়ানক বিধায়ক হিচাপে মনোনীত কৰাৰ অধিকাৰ থাকে৷ 

সংখ্যাগৰিষ্ঠতা পৰীক্ষণৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতৰ সৃষ্টি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি সদনত ভিডিঅ’ ৰেকৰ্ডিং আৰু সদস্য সকলক সঠিক সুৰক্ষা প্ৰদান কৰিবলৈও ন্যায়ালয়ে ৰাজ্য প্ৰশাসনক নিৰ্দেশ দিয়ে৷  

আদালতে সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে বিজেপিক মাত্ৰ ২৮ ঘন্টাৰ সময় বান্ধি দিয়াত বিজেপিৰ হৈ চৰকাৰী অধিবক্তা মুকুল ৰোহতগীয়ে সোমবাৰলৈ সময়সীমা বৃদ্ধি কৰাৰ বাবে আবেদন জনাইছিল৷ কিন্তু আদালতে আবেদন খাৰিজ কৰি এটা দিনৰ ভিতৰতে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ নিৰ্দেশ দিয়ে৷ 

উচ্চতম ন্যায়ালয়ৰ এই ঐতিহাসিক সিদ্ধান্তৰ পিছতে ন্যায়ালক ধন্যবাদ জনায় কংগ্ৰেছ আৰি জেডিএছ-এ৷ আনাহতে আদালতৰ সিদ্ধান্তৰ পিছতে বিজেপি দল অস্বস্তিত পৰা পৰিলক্ষিত হৈছে৷ যদিও য়েদেয়ুৰাপ্পাই কয় যে তেওঁলোক সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ সাজু, তথাপি ১০৪ গৰাকী বিধায়কৰে কেনেদৰে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব, তাক লৈ সন্দেহ প্ৰকাশ কৰা হৈছে৷ 

আনহাতে শনিবাৰে সদনত অনুষ্ঠিত হ’বলগীয়া সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ বিধায়কসকল বাংগালুৰুত উপস্থিত হৈছেহি৷ শনিবাৰে সন্ধিয়া কৰ্ণাটকত কোনে চৰকাৰ গঠন কৰিব তাক লৈ ৰাজ্যখনত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে৷