newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটকত বিজেপিৰ দুটা দিনৰ ৰাজ্য শাসন সামৰণি পৰাৰ পিছতে কংগ্ৰেছ-জেডিএছৰ জোটবন্ধনে ৰাজ্যখনত নতুন চৰকাৰ গঠনৰ প্ৰস্তুতি চলাইছে৷ কিন্তু শাসনৰ গাদী দখল কৰিব নোৱাৰিলেও মনে মনে বহু থকা ভকত নহয় বিজেপি৷ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনত অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰি কৰ্ণাটকৰ বিজেপিৰ জ্যেষ্ঠ নেতা বি এছ য়েদেয়ুৰাপ্পাই নিৰ্বাচনী আয়োগলৈ লিখা এখন চিঠিৰ বিষয়ে সোচ্ছাৰ হৈ পৰিছে কৰ্ণাটক৷

কৰ্ণাটকৰ বিজাপুৰত এটা পৰিয়ালত ভিভিপিএটি মেছিন উদ্ধাৰ হোৱাৰ পিছতে ৰাজ্যখনৰ নিৰ্বাচনত অনিয়ম সংঘটিত হোৱা বুলি নিৰ্বাচনী আয়োগলৈ পত্ৰ লিখে য়েদেয়ুৰাপ্পাই৷ পত্ৰত তেওঁ লিখে, ‘বিজাপুৰৰ মানগুলি গাঁওৰ পৰা ভিভিপিএটি মেছিল উদ্ধাৰৰ ঘটনাই নিৰ্বাচনত যথেষ্ট প্ৰভাৱ যে পেলাইছে সেয়া আমি নিশ্চিত৷ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনত যে অনিয়ম সংঘটিত হৈছে সেয়া ইয়াৰ দ্বাৰাই বুজা যায়৷’

পূৰ্বেও নিৰ্বাচন আয়োগক এই বিষয়ে অভিযোগ দাখিল কৰা হৈছে বুলি পত্ৰত উল্লেখ কৰে য়েদেয়াৰাপ্পাই৷ তেওঁ লিখে, ‘নিৰ্বাচনত অনিয়ম সংঘটিত হোৱাৰ বিষয়ে প্ৰথমবাৰৰ বাবে যে নিৰ্বাচনী আয়োগ আৰু বিষয়াক জনোৱা হৈছে তেনে নহয়৷ পূৰ্বেও আমি অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ দাখিল কৰিছিলো৷ কিন্তু কোনেও এই অভিযোগক গুৰুত্ব দিয়া নাছিল৷’ 

আনহাতে য়েদেয়াৰুপ্পাৰ অভিযোগ পত্ৰৰ উত্তৰ দি নিৰ্বাচনী আয়োগেও বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীলৈ এখন পত্ৰ প্ৰেৰণ কৰে৷ নিৰ্বাচনী আয়োগে কয়, ‘বিজাপুৰত ভিভিপিএটিৰ এটি পৰিত্যক্ত কভাৰ হে পোৱা হৈছে৷ যিটো স্থানীয় মজদুৰ লোকসকলে নিজৰ কাপোৰ আদি থবলৈ বাকচ হিচাপে ব্যৱহাৰ কৰিছিল৷ এই বিষয়ে নিৰ্বাচনী আয়োগে নিজে গৈ অনুসন্ধান চলাইছিল৷ তাত কোনো মেছিল উদ্ধাৰ হোৱা নাই৷’