newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ নিৰ্বাচনত চৰকাৰ গঠন কৰিবলৈ সক্ষম নহ’লেও বিৰোধী হিচাপে স্থিতি মজবুত কৰিব বি এছ য়েদেয়ুৰাপ্পাই৷ নিজৰ আক্ৰমণাত্মক স্থিতি স্পষ্ট কৰি শুকুৰবাৰে য়েদেয়ুৰাপ্পাই কয় যে যদি কুমাৰস্বামীৰ নেতৃত্বাধীন কংগ্ৰেছ-জেডিএছ চৰকাৰে আগন্তক ২৪ ঘন্টাৰ ভিতৰত ৰাজ্যখনৰ কৃষি ঋণ মাফ নকৰে, তেন্তে বিজেপিয়ে সমগ্ৰ ৰাজ্যত তীব্ৰ আন্দোলন গঢ়ি তুলিব৷

বিধানসভাত কুমাৰস্বামীৰ দ্বাৰা বহুমত প্ৰমাণ কৰাৰ পূৰ্বে জেডিএছ-এ ৰাষ্ট্ৰীয়কৃত বেংকৰ পৰা লোৱা ঋণৰ লগতে ৫৩,০০০ কোটি কৃষি ঋণ ক্ষমা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল বুলি য়েদেয়ুৰাপ্পাই উল্লেখ কৰে৷

য়েদেয়ুৰাপ্পাই কয়, ‘শাসনাধিষ্ঠিত হোৱাৰ ২৪ ঘন্টাৰ ভিতৰতে কৃষি ঋণ মাফ কৰাৰ প্ৰতিশ্ৰুতি দিয়াজন আপুনিয়ে আছিল৷ কিন্তু আপুনি এটা মিত্ৰজোটৰ নেতৃত্ব লৈ আছে অথৱা আপোনাৰ কাম কৰাৰ কেতবোৰ বাধ্য-বাধকতা আছে বুলি আপুনি কান্দি থকা চাবলৈ কৃষকসকল ৰাজী নহয়৷ কৃষি ঋণ মাফ কৰা সন্দৰ্ভত আপোনাৰ মত ঘোষণা কৰক৷ অন্যথা আমি ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ম৷’

আনহাতে কুমাৰস্বামীৰ চৰকাৰ কালত বিৰোধী হিচাপে বিজেপি দলৰ স্থিতি স্পষ্ট কৰে বি এছ য়েদেয়ুৰাপ্পাই৷ বিজেপিৰ সংগ্ৰাম কুমাৰস্বামীৰ কৃষক বিৰোধী, জন বিৰোধী আৰু ভ্ৰষ্ট চৰকাৰৰ বিৰুদ্ধে বুলি মন্তব্য কৰে য়েদেয়ুৰাপ্পাই৷ উল্লেখ্য যে, কিছুদিন পূৰ্বে জনতা দল চেকুলাৰৰ অধ্যক্ষ এছডি দেৱগৌড়াৰ নাতি প্ৰাৱজলে চুটকেছ অবিহনে দলৰ ভিতৰচৰাত কোনো কামেই সম্ভৱ নহয় বুলি মন্তব্য কৰিছিল৷ ইয়াৰ পিছতে কুমাৰস্বামীৰ নেতৃত্বাধীন কংগ্ৰেছ-জেডিএছ চৰকাৰ ভ্ৰষ্টাচাৰৰ চৰকাৰ বুলি অভিযোগ উত্থাপন কৰি বিজেপিয়ে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰে৷