newsnextone.com | ডিজিটেল ডেস্কঃ ক্ৰমে পট পৰিৱৰ্তন হ’ব ধৰিছে কৰ্ণাটক বিধান সভাৰ ভিতৰচৰাত৷ ৰাজনৈতিক পৰিৱৰ্তৰ দিশে আগবঢ়াৰ লগে লগে বিজেপিৰ মুখ্যমন্ত্ৰী য়েদুয়াৰাপ্পাই আস্থা ভোটৰ পূৰ্বেই পদত্যাগ কৰাৰ সম্ভাৱনাই দেখা দিছে৷ ৩.৩০ বজালৈ বিধান সভা স্থগিত ৰখা হৈছে যদিও বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ আদেশত আস্থা ভোটৰ পূৰ্বে পদত্যাগ কৰিব পাৰে য়েদুয়ুৰাপ্পাই৷ পুনৰ বিধান সভা আৰম্ভ হোৱাৰ লগ লগে ভাষণ প্ৰদান কৰিব আৰু ভাষণৰ অন্তত পদত্যাগ কৰিব পাৰে য়েদুয়ুৰাপ্পাই৷ 

সমগ্ৰ দেশবাসীৰ দৃষ্টি এতিয়া কৰ্ণাটকৰ ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত৷ শনিবাৰৰ দিনটোত কোনে জয়ী হ’ব কোনে পৰাজয় বৰণ কৰিব সেই খবৰ লবলৈ দেশবাসীয়ে কৰ্ণাটকৰ দিশে দৃষ্টি নিক্ষেপ কৰা পৰিলক্ষিত হৈছে৷ সংবাদমাধ্যম, ছচিয়েল মিডিয়াত কৰ্ণাটকৰ আস্থা ভোটক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে৷ শনিবাৰে বিয়লি ৪ বজাত আস্থা ভোট অনুষ্ঠিত হ’ব কৰ্ণাটকত৷ 

এতিয়া কথা হ’ল শনিবাৰে বিজেপিয়ে শেষ হাঁহি মাৰিব লাগিলে ঘোৰা কিনিবই লাগিব বিজেপিয়ে৷ বিজেপিয়ে ঘোৰা কিনাত বিফল হোৱা বুলি প্ৰচাৰ হৈছে৷ কংগ্ৰেছ আৰু জেডিএছৰ ওচৰত হে আছে ঘোৰা৷ কংগ্ৰেছ আৰু জেডিএছে মিত্ৰজোঁট গঢ়ি ১১৬গৰাকী বিধায়কৰ স্বাক্ষৰ সহ ৰাজ্যপালক পত্ৰ প্ৰদান কৰি চৰকাৰ গঠনৰ বাবে দাবী জনাইছিল যদিও ৰাজ্যপালে ১০৪গৰাকী বিধায়ক থকা বিজেপি দলক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনোৱাৰ লগতে বিজেপিৰ বিধায়িনী দলৰ নেতাক মুখ্যমন্ত্ৰী ৰূপে শপত কৰোৱাই৷ 

তাৰ লগে লগে কংগ্ৰেছ আৰু জেডিএছে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে আৰু উচ্চতম ন্যায়ালয়ে শনিবাৰৰ ভিতৰত আস্থা ভোট অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ দিয়ে৷ বিজেপি দলক দৰকাৰ ৮টা ভোটৰ মানে ৮ গৰাকী বিধায়কৰ দৰকাৰ কৰ্ণাটকৰ বিধান সভাত সংখ্যাগৰিষ্ঠ দল হ’বলৈ৷ এতিয়া বিজেপিয়ে কংগ্ৰেছ নতুবা জেডিএছৰ বিধায়কৰ সমৰ্থন লাভ কৰিবনে নে নাই৷ 

কংগ্ৰেছ জেডিএছে অভিযোগ কৰা মতে তেওঁলোকৰ বিধায়কক ১০০ কোটি পৰ্যন্ত টকাৰ অফাৰ দিয়া হৈছে৷ বিধায়ক ক্ৰয় কৰিবৰ বাবে বিজেপিয়ে চেষ্টা কৰা বুলি অভিযোগ উত্থাপন হৈছে৷ যাৰ বাবে জেডিএছ আৰু কংগ্ৰেছে নিজ নিজ দলৰ বিধায়কক হোটেলত আৱদ্ধ কৰি ৰাখিব লগা হৈছে৷ কংগ্ৰেছে হায়দৰাবাদৰ হোটেল তাজত নিজ দলৰ বিধায়কক ৰাখিব লগা হৈছিল৷