গোৰেশ্বৰঃ বাক্সা জিলা যুৱ-ভাৰত উদ্যোগত আৰু পতঞ্জলি যোগ সমিতি, ভাৰত স্বাভিমান ন্যাস, মহিলা পতঞ্জলি যোগ সমিতি, কিষাণ সেৱা সমিতি, গোৰেশ্বৰ আঞ্চলিক পতঞ্জলি যোগ সমিতি, গোৰেশ্বৰ মহাবিদ্যালয় এনচিচি গোটৰ সহযোগত গোৰেশ্বৰ মহাবিদ্যালয় প্ৰাংগণত ২৫ দিনীয়া সহ-যোগ শিক্ষক প্ৰশিক্ষণ শিবিৰৰ আজি সফল সামৰণি পৰে।
যোৱা ২৬ মে'ৰ পৰা গোৰেশ্বৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহত চলি থকা সহ-যোগ শিক্ষক প্ৰশিক্ষণ শিবিৰৰ সামৰণি অনুষ্ঠান আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। পুৱা ৪-৩০ বজাত বন্তি প্রজ্বলনৰে যোগ-প্ৰণায়মৰ শুভাৰম্ভ কৰা হয়। অন্তিম দিনৰ যোগ শিবিৰ পৰিচালনা কৰে পতঞ্জলি যোগ সমিতি, অসমৰ সংবাদ প্ৰভাৰী ৰাজু শৰ্মাই। আঠ বজাত যোগ প্ৰণায়মৰ সামৰণিৰ পিছত পৰিৱেশ নিকাকৰণৰ কৰা হয়।
৯ বজাত যজ্ঞাহুতি সমাপন কৰা হয়। যজ্ঞাহুতি অনুষ্ঠান পৰিচালনা কৰে বাক্সা জিলা ভাৰত স্বাভিমানৰ কোষাধ্যক্ষ টিকাৰাম চুবেদীয়ে। দিনৰ ১১ বজাত শিবিৰ পৰিচালনা সমিতিৰ সভাপতি হৰিচৰণ ডেকাৰ সভাপতিত্বত সামৰণি সভা অনুষ্ঠিত হয়। সভাত উপস্থিত থাকি ৰাজ্যিক যুৱ প্ৰভাৰী ৰাজীৱ চোধুৰীয়ে নিজৰ ভাষণত কয় যে যোগ প্ৰণায়মৰ দ্বাৰা আমি কেৱল শাৰীৰিক-মানসিক বিকাশ সাধনেই নহয় দেশ তথা ৰাষ্ট্ৰ নিৰ্মাণতো সহায়ক হয়।
সভাত যোগ শিবিৰত অংশ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীৰ লগতে কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সামৰণি অনুষ্ঠানত প্ৰতি গৰাকী প্ৰশিক্ষাৰ্থীকে অংগবস্ত্ৰ আৰু বেজ প্ৰদান কৰা হয়। সভাত বাক্সা জিলাৰ যুৱ প্ৰভাৰী ধ্ৰুৱজোতি ডেকা, মহিলা পতঞ্জলি যোগ সমিতিৰ প্ৰভাৰী শান্তি বিশ্বকৰ্মা, ভাৰত স্বাভিমানৰ বাক্সা জিলাৰ প্ৰভাৰী গংগা প্ৰসাদ আচাৰ্য আদিকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
উল্লেখ্য যে পতঞ্জলিৰ এই ২৫ দিনীয়া শিবিৰত মঠ ৮৮ গৰকী প্ৰশিক্ষাৰ্থীয়ে অংশ গ্রহণ কৰে। অৱশ্যে ইয়াৰ পূর্বে প্ৰশিক্ষাৰ্থীসকলৰ বাবে ১৭ আৰু ১৮ জুনত ব্যৱহাৰিক আৰু লিখিত পৰীক্ষা অনুষ্ঠিত হৈ যায়।