ডিজিটেল ডেস্কঃ ক্ৰিকেট জগতৰ বাবে দুৰ্ভাগ্যজনক তথা লজ্জাজনক সংবাদ৷ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাৰ তৃতীয়খন মেচত বল বিকৃতিকৰণৰ অপৰাধত এবছৰ নিষেধাজ্ঞাৰ সন্মুখীন হ’ল অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ অধিনায়ক ষ্টিভ স্মিথৰ লগতে সহঃ অধিনায়ক ডেভিদ ৱাৰ্নাৰ৷ 

আনহাতে বল টেম্পাৰিং গোচৰত অভিযুক্ত আন এগৰাকী ক্ৰিকেটাৰ বেনক্ৰফটৰ ওপৰত ৯মাহৰ নিষেধাজ্ঞা জাৰি কৰিছে অষ্ট্ৰেলিয়া ক্ৰিকেট বৰ্ডে৷  ভদ্ৰলোকৰ খেল হিচাপে পৰিচিত ক্ৰিকেটক এই ঘটনাই পুনৰ বাৰ ক্ৰিকেট বিশ্বক কলংকিত কৰিলে৷

কিংবদন্তি ছাৰ ডনাল্ড ব্ৰেড মেনৰ লগত তুলনা কৰা ষ্টিভ স্মিথ এই ঘটনাৰ বাবে বিশ্বজুৰি কলংকিত নায়কৰূপে পৰিগণিত হৈছে৷ বল টেম্পাৰিঙ কাৰ্য সংঘটিত কৰাৰ পিছতে অধিনায়ক পদৰ পৰা স্মিথ আৰু ৱাৰ্নাৰক অব্যাহতি দিয়ে অষ্ট্ৰেলিয়ান ক্ৰিকেট বৰ্ডে৷