বীজাপুৰঃ কৰ’না ভাইৰাছৰ সংক্ৰমণ বন্ধ কৰিবলৈ দেশজুৰি অব্যাহত থকা লকডাউনৰ মাজতে তেলেংগানাৰ পৰা ছত্তীশগড়ৰ বিজাপুৰত থকা ঘৰলৈ বুলি ১৫০ কিলোমিটাৰ খোজকাঢ়ি মৃত্যুমুখত পৰিছে এগৰাকী ১২ বছৰীয়া ছোৱালীয়ে। জামলু মেকডাম নামৰ ছোৱালীগৰাকীয়ে নিজৰ গাঁওখন পাবলৈ মাত্ৰ এঘণ্টা বাকী থকা অৱস্থাতে পথতে ঢলি পৰে আৰু মৃত্যুক আকোৱালি লয়।
তেলেংগানাৰ এখন গাঁৱত জলকীয়াৰ খেতিত পৰিয়ালৰ আনসকলৰ সৈতে কাম কৰা জামলুৱে আৰু ১১ জন লোকৰ সৈতে যোৱা ১৫ এপ্ৰিলত ঘৰলৈ খোজ লৈছিল। আৰক্ষীৰ পৰা হাত সাৰিবলৈ তেওঁলোকে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে পথৰুৱা ৰাস্তা আৰু হাবি-জংঘলৰ মাজেৰে ৩ দিন ধৰি খোজ কাঢ়ি থকাৰ পিছতে এই অঘটন সংঘটিত হয়।