প্ৰতিকী ফটো
প্ৰতিকী ফটো

newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ সৰ্ব্বত্ৰে ধৰ্ষণ এক মহামাৰিৰ দৰে বিয়পি পৰা পৰিলক্ষিত হৈছে৷ ৬ মহীয়া শিশুৰ পৰা ৯০ বছৰীয়া বৃদ্ধালৈ.. নাৰী মানেই যেন ক্ষুধাৰ সামগ্ৰী হৈ পৰিছে৷ এচাম অমানুহৰ পাষবিক কাণ্ডৰ বাবেই নাৰী পুৰুষৰ সমাধিকাৰৰ দাবীদাৰ হৈও নিজৰ সুৰক্ষাক লৈ চিন্তিত হৈ পৰিছে৷ 

নাৰী সুৰক্ষাৰ বাবে চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে৷ ধৰ্ষণকাৰীৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি আইন প্ৰনয়ণ কৰি ধৰ্ষণ প্ৰতিৰোধৰ চেষ্টা কৰিছে৷ কিন্তু ধৰ্ষণ ঘৰৰ বাহিৰত প্ৰতিৰোধ কৰিব পাৰিলেও পৰিয়ালৰ ভিতৰত ধৰ্ষণ প্ৰতিৰোধ কৰিবলৈ অক্ষম চৰকাৰো৷ যাৰ বাবে আত্মীয় স্বজনৰ হাতত নাৰী নিৰ্যাতিত হোৱাৰ ঘটনা দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷

শেহতীয়াকৈ পিতৃৰ হাতত ধৰ্ষিণৰ বলি হৈ এগৰাকী নাবালিকা অন্তঃসত্বা হোৱাৰ নিচিনা লজ্জাজনক ঘটনা পোহৰলৈ আহিছে৷ সভ্য সমাজক লজ্জানত কৰা এই ঘটনা সংঘটিত হৈছে ৰাষ্ট্ৰৰ ৰাজধানী দিল্লীত৷ এজন পাষণ্ড ব্যক্তিয়ে নিজৰ আন এগৰাকী তোলনীয়া জীয়েককো প্ৰতিদিনে শ্লীলতাহানি কৰাৰো অভিযোগ উত্থাপিত হৈছে৷

জানিব পৰা মতে, ধৰ্ষিতা কিশোৰীগৰাকীৰ মাতৃয়ে প্ৰথম স্বামীৰ সৈতে বিবাহ বিচ্ছেদ কৰি বিবাশ পাশত আবদ্ধ হৈছিল ৩৮ বছৰীয়া এজন ব্যক্তিৰ সৈতে৷ মহিলাগৰাকীৰ প্ৰথম স্বামীয়ে মদ্যপান কৰি শাৰিৰীক নিৰ্যাতন চলাই বাবেই তেওঁ নিজ কন্যা সন্তান দুটিৰ সুৰক্ষাৰ স্বাৰ্থত দ্বিতীয়বাৰ বিবাশ পাশত আবদ্ধ হয়৷  

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মহিলাগৰাকীৰ দ্বিতীয় স্বামীয়েও মহিলাগৰাকীৰ ওপৰত অত্যাচাৰ চলায়৷ কিন্তু কন্যা সন্তান দুটিৰ মুখলৈ চাই তেওঁ সেই অত্যাচাৰৰ নিৰৱে সহ্য কৰি গৈছিল৷ কিন্তু পাষণ্ড স্বামীয়ে যে নিজৰ তোলনীয়া জীয়েক দুজনীৰ ওপৰতো বেয়া চকু দিব পাৰে, সেয়া তেওঁ যেন কল্পনাই কৰিব পৰা নাছিল৷

যোৱা সোমবাৰে তেওঁৰ ১৪ বছৰীয়া সৰু ছোৱালীজনীয়ে ঘৰৰ এটা চুকত বহি কান্দি থকা প্ৰত্যক্ষ কৰে৷ মহিলাগৰাকীয়ে জীয়েকক কিয় কান্দিছে সোধাত কিশোৰীগৰাকীয়ে পিতৃৰ নিৰ্যাতনৰ বিষয়ে সকলো কথা মাকক খুলি কয়৷ নাবালিকাৰ অভিযোগ অনুসৰি, পিতৃয়ে তাইক ধৰ্ষণ কৰিছে আৰু এই বিষয়ে কাৰোবাৰ আগত প্ৰকাশ কৰিলে মাৰি পেলোৱাৰো ভাবুকি দিয়ে পাষণ্ড পিতৃয়ে৷

নাবালিকা গৰাকীৰ অভিযোগৰ ভিত্তিত মাতৃয়ে তেওঁৰ দ্বিতীয় স্বামীৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰি নাবালিকাগৰাকী ২৬ সপ্তাহৰ অন্তঃসত্বা বুলি নিশ্চিত হয়৷ আৰক্ষীয়ে ধৃত পিতৃক আটক কৰি ঘটনাৰ তদন্ত চলাই আছে বুলি জানিব পৰা গৈছে৷

জানিব পৰা মতে, ২০১৭ চনত কিশোৰীগৰাকীৰ ২০ বছৰীয়া বায়েককো পাষণ্ড পিতৃয়ে শাৰিৰীক নিৰ্যাতন তথা শ্লীলতাহানীৰ অপচেষ্টা চলাইছিল৷ নিৰ্যাতিতা যুৱতীগৰাকীয়ে এই সন্দৰ্ভত পিতৃৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাত আৰক্ষীয়ে লোকজনক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল৷ 

পিছত কাৰাৱাসৰ জীৱন পাৰ কৰি পাষণ্ড লোকজনে পৰিয়ালক বিভিন্ন ধৰণে বুজাই পুনৰ একেলগে থাকিবলৈ লৈছিল৷ সম্প্ৰতি এদিন কিশোৰীগৰাকীৰ মাতৃ ঘৰত নথকাৰ সুযোগ লৈ লম্পট পিতৃয়ে কিশোৰীগৰাকীক ধৰ্ষণৰ নিচিনা দুস্কাৰ্য সাধন কৰে৷