newsnextone.com | গুৱাহাটীঃ ক্ৰমাৎ নিম্নগামী হৈছে পেট্ৰলিয়াম সামগ্ৰীৰ মূল্য৷ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ পিছৰ পৰা একেৰাহে এটা পষেক ধৰি বৃদ্ধি হৈ থকা পেট্ৰল আৰু ডিজেলৰ মূল্য লাহে লাহে নিয়ন্ত্ৰণলৈ অহা পৰিলক্ষিত হৈছে৷ 

মূল্য বৃ্দ্ধিৰ ফলত সমগ্ৰ দেশ জুৰি তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছিল৷ সাধাৰণ জনতাই মূল্যবৃদ্ধিৰ দ্বাৰা জুৰুলা হৈ চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰিছিল৷ পেট্ৰলিয়াম সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগে লগে অত্যাৱশ্যকীয় সামগ্ৰী আৰু যাত্ৰীবাহী বাহনৰ ভাড়া বৃদ্ধি হৈ পৰাও পৰিলক্ষিত হৈছিল৷ 

কিন্তু লাহে লাহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা দেখিবলৈ পোৱা গৈছে৷ এক পইচা দুপইচাকৈ প্ৰতিদিনে হ্ৰাস পোৱা পেট্ৰল-ডিজেলৰ দামে সাধাৰণ মানুহৰ মনত পুনৰ এবাৰ আশাৰ সঞ্চাৰ কৰি ক্ষোভৰ জুইকুৰা নুমুৱাবলৈ সক্ষম হৈছে।

সোমবাৰে পুনৰ পেট্ৰল মূল্যত ২১ পইচা আৰু ডিজেলত ১৬ পইচা হ্ৰাস পোৱা পৰিলক্ষিত হৈছিল৷ যাৰ ফলত পেট্ৰলৰ নতুন নিৰিখ ৭৮.৭৩ টকা আৰু ডিজেলত ৭০.৯৩ টকা ধাৰ্য্য কৰা হয়৷ মঙলবাৰে প্ৰতি লিটাৰ পেট্ৰলত ১৬ পইচা আৰু প্ৰতি লিটাৰ ডিজেলত ১১ পইচাৰ সামান্য হ্ৰাস হয়৷ 

মঙলবাৰে পেট্ৰল প্ৰতি লিটাৰত ৭৮ টকা ৫৭ পইচা আৰু প্ৰতি লিটাৰ ডিজেলত ৭০ টকা ৮২ পইচা নতুন নিৰিখত গুৱাহাটীত উপলব্ধ হোৱা পৰিলক্ষিত হয়৷