newsnextone.com | গুৱাহাটীঃ ক্ৰমাৎ নিম্নগামী হৈছে পেট্ৰলৰ মূল্য৷ কৰ্ণাটকৰ বিধানসভা  নিৰ্বাচনৰ পিছৰ পৰা একেৰাহে এটা পষেক ধৰি বৃদ্ধি হৈ থকা পেট্ৰল আৰু ডিজেলৰ মূল্য লাহে লাহে নিয়ন্ত্ৰণলৈ অহা পৰিলক্ষিত হৈছে৷ 

মূল্য বৃ্দ্ধিৰ ফলত সমগ্ৰ দেশ জুৰি তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছিল৷ সাধাৰণ জনতাই মূল্যবৃদ্ধিৰ দাৰা জুৰুলা হৈ চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰিছিল৷ পেট্ৰলিয়াম সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগে লগে অত্যাৱশ্যকীয় সামগ্ৰী আৰু যাত্ৰীবাহী বাহনৰ ভাড়া বৃদ্ধি হৈ পৰা পৰিলক্ষিত হৈছিল৷ 

কিন্তু লাহে লাহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা দেখিবলৈ পোৱা গৈছে৷ এক পইচা দুপইচাকৈ প্ৰতিদিনে হ্ৰাস পোৱা পেট্ৰল-ডিজেলৰ দামে সাধাৰণ মানুহৰ মনত পুনৰ এবাৰ আশাৰ সঞ্চাৰ কৰিবলৈ সক্ষম হৈছে৷

বৃহস্পতিবাৰে গুৱাহাটীত পেট্ৰলত ১০ পইচা হ্ৰাস পাই ৭৯.৮২ টকা দৰত বিক্ৰী হোৱাৰ লগতে ডিজেলত ৭ পইচা হ্ৰাস পাই ৭১.৭৬ টকাত বিক্ৰী হৈছিল৷ শুকুৰবাৰে পুনৰ প্ৰতিলিটাৰ পেট্ৰলত ২২ পইচা আৰু ডিজেলত ১৬ পইচা হ্ৰাস পায়৷ শুকুৰবাৰ্ গুৱাহাটীত পেট্ৰল ৭৯.৬০ টকা আৰু ডিজেল ৭১.৬০ টকা দৰত উপলব্ধ হয়৷