ডিজিটেল ডেস্কঃ সকলোকে এৰি অচিনা দেশলৈ গ’ল মোহময়ী অভিনেত্ৰী শ্ৰীদেৱী৷ ৫৪ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লয় বলিউডৰ ডিবা মোহময়ী অভিনেত্ৰী শ্ৰীদেৱীয়ে৷ অভিনেতা মোহিত মাৰৱাহৰ ডুবাইত অনুষ্ঠিত হোৱা বিয়াৰ পাৰ্টিত অংশ লবলৈ গৈছিল শ্ৰীদেৱীয়ে৷

ডুবাইৰ হোটেলত হৃদৰোগত আক্ৰান্ত হৈ অভিনেত্ৰীগৰাকীয়ে অকাল মৃত্যুক আকোৱালি লয়৷ তেওৰ মৃত্যুত সমগ্ৰ দেশে ম্ৰিয়মান হৈ পৰে৷ কিন্তু অভিনেত্ৰীগৰাকীৰ মৃত্যুক লৈ উত্থাপন হ’ব ধৰিছে নানান প্ৰশ্ন৷ ডুবাইৰ সংবাদ মাধ্যমৰ খবৰ মতে, যোৱা ৪৮ ঘন্টা ধৰি নানান ধৰণৰ তদন্ত আৰম্ভ কৰিছে৷

শেহতীয়াকৈ উত্থাপন হৈছে তিনিটা প্ৰশ্ন৷ যদি বনি কাপুৰে সন্ধিয়া ৬.২৫ বজাত বাথৰুমৰ দৰ্জা জোৰকৈ খুলিব লগা হৈছিল তেন্তে আৰক্ষীক ৯ বজাত কিয় খবৰ দিয়া হৈছিল৷ তৎকালে চিকিৎসালয়লৈ নিয়া নহ’ল কিয়? শ্ৰীদেৱীৰ হাৰ্ট এটেক হোৱা বুলি কোনে খবৰ প্ৰচাৰ কৰিলে৷ ডুবাই আৰক্ষীয়ে এনে ধৰণৰ কথাৰ তদন্ত আৰম্ভ কৰিছে বুলি ডুবাইৰ সংবাদ মাধ্যমে খবৰ প্ৰচাৰ কৰে৷