লখিমপুৰঃ বুধবাৰৰপৰা লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ’ব৷

১১ তাৰিখে অনুষ্ঠিত হ’বলগীয়া ১৪ নং লখিমপুৰ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু হৈছে বিষয়ববীয়াসকল৷

উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদৰপৰা পিজাডিং বিষয়া, পুলিং বিষয়া সকলে পূৱা ৬ বজাৰপৰা নিজ নিজ ভোট কেন্দ্ৰ সমুহলৈ যাবতীয় সামগ্ৰী সমুহ লৈ ৰাওনা হোৱা বুলি জানিব পৰা গৈছে৷