গুৱাহাটীঃ বক্ৰ পথেৰে চাকৰি লৈ ২৫ গৰাকীকৈ APS-ACS-এ জেলত থাকিব লগা হোৱাৰ সময়তে এইবাৰ আৰক্ষীৰ জালত পৰিল ২০১৩ বৰ্ষৰ ACS-APS৷ মঙলবাৰে নিশাৰে পৰা ডিব্ৰুগড় আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ শাখাই অভিযান চলাই ৫গৰাকী ACS-APS বিষয়াক জালত পেলাইছে৷ 

দক্ষিণ শালমাৰাৰ ২৬নং বেটেলিয়ানৰ সহ-আৰক্ষী অধীক্ষক কৌশিক কলিতা, নামনিৰ নলবাৰী জিলাৰ কৰ পৰিদৰ্শক বৰ্ণালী দেৱী, লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ চক্ৰ বিষয়া ঋতুৰাজ গগৈ, মাজুলী জিলাৰ সহকাৰী নিয়োগ বিষয়া সত্যজিত্‍ সৰকাৰ আৰু কামৰূপৰ ৰঙিয়া মহকুমা আবকাৰী পৰিদৰ্শক অভিষেক বৰবৰাক ডিব্ৰুগড় আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ শাখাই গ্ৰেপ্তাৰ কৰে। শেহতীয়া খবৰ মতে, মহানগৰীৰ কাহিলীপাৰাস্থিত অসম আৰক্ষীৰ বিশেষ শাখাত আটাকেইজন বিষয়াকে মাৰাথান জেৰা অব্যাহত ৰাখিছে৷ 

এইবাৰ অসম আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে ২০১৩ বৰ্ষৰ ACS-APSৰ বিৰুদ্ধে৷ ডিব্ৰুগড় আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ শাখাই ৯গৰাকী ACS-APSক চমন জাৰি কৰি কাহিলীপাৰাৰ অসম আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়লা মাতি আনি হস্তাক্ষৰ চিহ্নৰ নমুনা সংগ্ৰহ কৰিছিল৷ 

৯গৰাকী ACS-APS-এ বুধবাৰে তথা ০৭ ফেব্ৰুৱাৰীত হাজিৰ হৈছিল অসম আৰক্ষীৰ কাহিলীপাৰাৰ বিশেষ শাখাত৷ কাহিলীপাৰাৰ বিশেষ শাখাৰ কাৰ্যালয় আৰু ডিব্ৰুগড় আৰক্ষীয়ে পূৰ্বৰে তদন্ত প্ৰক্ৰিয়া চলাই গৈছিল৷

আৰক্ষীৰ বিশেষ শাখাৰ মুখ্য কাৰ্যালয়লৈ আহি হস্তাক্ষৰ চিহ্নৰ নমুনা আৰক্ষীৰ সন্মুখত প্ৰদান কৰাৰ লগতে তেওলোকক সোধ-পোছো কৰিছিল আৰক্ষীয়ে৷ ACS অভিশিখা বৰুৱা, ঋতুৰাজ গগৈ, জয়দীপ মহন্ত, APS কৌশিক কলিতা, সত্যজিত্‍ সৰকাৰ, বৰ্ণালী দেৱী, অভিষেক বৰবৰা, সঞ্জন ফুকন, দেৱব্ৰত দে’ক চমন জাৰি কৰিছিল৷ আটাইকেইজনৰ বিৰুদ্ধে ধন দি চাকৰি লোৱা বুলি সন্দেহ কৰিছিল আৰক্ষীয়ে৷ বিভিন্ন সময়ত বিষয়া কেইগৰাকীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈ আহিছিল৷ 

উল্লেখ্য যে, বক্ৰ পথেৰে চাকৰি লৈ ২৫ গৰাকীকৈ APS-ACS-এ জেলত থাকিব লগা হোৱাৰ সময়তে এইবাৰ আৰক্ষী সাজু হৈছে ৯গৰাকীকৈ APS-ACSক জেৰা কৰিবলৈ সাজু হৈছে অসম আৰক্ষী৷ ২০১৭ বৰ্ষৰ ৮ নৱেম্বৰৰ পৰা এতিয়ালৈ ২৫গৰাকী APS-ACSক ডিব্ৰুগড় আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ শাখাৰ জালত পৰি জেলত সময় অতিবাহিত কৰিব লগা হৈছে৷

০৮ নৱেম্বৰৰ পুৱাৰ পৰা চলা অভিযানত ACS–APSক সকলক আটক কৰাৰ লগতে বিয়াগোম কেলেংকাৰীৰ তদন্ত এতিয়াও চলি আছে৷ নিশামণি ডেকা, ৰাকেশ গুপ্তা, ৰুমী শইকীয়া, ৰাজৰ্ষি ডেকা, সুনয়না আইদেউ, গীতালি দলে, কমল দেৱনাথ, জ্যোতিৰ্ময় অধিকাৰী, দিলীপ কলিতা সহ ২৫গৰাকী জালত পৰে৷ ২০১৫-১৬ বৰ্ষত ৩৮২ গৰাকী ACS-APS সংলগ্ন সেৱাৰ বিষয়া বাছনি কৰিছিল তেতিয়াৰ অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাকেশ পালে৷

ইয়াৰে প্ৰায় সংখ্যক বিষয়াক অবৈধ তথা ব্যাপক জালিয়াতিৰে নিৰ্বাচন কৰাৰ অভিযোগ উত্থাপন হৈছিল৷ কৃষক নেতা অখিল গগৈৰ লগতে ৰাজ্যৰ একাংশ দল-সংগঠনে এই তদন্তৰ দাবীত ব্যাপক আন্দোলন গঢ়ি তুলিছিল৷ তাৰ পাছতে এগৰাকী মহিলাৰ জড়িয়তে এই দুৰ্নীতিৰ ৰহস্য ফাদিল হৈছিল৷ প্ৰথম পৰ্যায়ত অসম আৰক্ষীয়ে তদন্ত কৰি তিনিগৰাকী বিষয়াক চিনাক্ত কৰিছিল৷ তাৰ পৰবৰ্ত্তী সময়ত ২৫ গৰাকী বিষয়াক তদন্তৰ আওতাত লয় আৰক্ষীয়ে৷

২৫ গৰাকী ACS-APS পৰীক্ষাৰ উত্তৰ বহী ফৰেনছিক বিজ্ঞানগাৰলৈ প্ৰেৰণ কৰে৷ বিজ্ঞানগাৰৰ পৰা পৰীক্ষাৰ পেপাৰৰ ফলাফল অহাৰ পিছতে সস্তম হৈ পৰিছিল ডিব্ৰুগড় জিলাৰ আৰক্ষীৰ লগতে অসম আৰক্ষীৰ বিশেষ শাখা৷ ০৮ নৱেম্বৰৰ পৰা (মঙলবাৰে) নিশাৰ পৰা ডিব্ৰুগড় আৰক্ষীয়ে ২৫ গৰাকী ACS-APSৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে৷