newsnextone.com | ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰৰ কুপৱাড়া জিলাত নিৰাপত্তাৰক্ষীয়ে ৬ সন্ত্ৰাসবাদীক গুলিয়াই নিহত কৰিবলৈ সক্ষম নহয়৷ দেওবাৰে কাহিলী পুৱাই জিলাখনৰ কেৰণ ছেক্টৰেৰে ভাৰতত সোমাবলৈ চেষ্টা কৰিছিল ৬ সন্ত্ৰাসবাদীয়ে৷ এই খবৰ লাভ কৰি সেনাই চলোৱা অভিযানত সন্ত্ৰাসবাদীৰ দলটোৰ সৈতে সংঘৰ্ষ লাগে আৰু ৬ সন্ত্ৰাসবাদীক জালত পেলাবলৈ সক্ষম হয়৷  

ভাৰতত সোমাবলৈ চেষ্টা কৰি থাকিৰ সময়তে সন্ত্ৰাসবাদী কেইজনক সেনাই প্ৰত্যক্ষ কৰিছিল৷ তাৰ পিছতে ব্যাপক অভিযানত নামিছিল সেনা৷ সেনাই প্ৰথমে তেওঁলোকক ৰখাবলৈ চেষ্টা কৰিছিল যদিও সেনাক লক্ষ্য কৰি গুলিচালনা কৰাত সেনাই প্ৰত্যুত্তৰ দিবলৈ বাধ্য হয়৷ জানিব পৰা মতে, অঞ্চলটোত আন সন্ত্ৰাসবাদী থিতাপি লৈ থকাৰ সন্দেহত বৰ্তমানেও অভিযান অব্যাহত ৰাখিছে সেনাই৷

ইয়াৰ পূৰ্বে যোৱা ৬ জুনত কুপৱাড়াৰ মাছিল ছেক্টৰত ভাৰতত সোমাবলৈ চেষ্টা কৰা ৩ সন্ত্ৰাসবাদী নিহত হৈছিল সেনাৰ হাতত৷ অভিযানত ভাৰতীয় সেনাৰ দুজন সেনা জোৱান আহত হৈছিল৷