internet

newsnextone.com | ডিজিটেল ডেস্কঃ অৱশেষত ৰাষ্ট্ৰীয় জনতা দলৰ অধ্যক্ষ লালু প্ৰসাদ যাদৱে লাভ কৰিলে ৬ সপ্তাহৰ সাময়িক মুক্তি৷ শুকুৰবাৰে ৰাঁচী উচ্চ ন্যায়ালয়ে লালুক ৬ সপ্তাহৰ সাময়িক মুক্তি প্ৰদান কৰে৷ লালু প্ৰসাদ যাদৱে শাৰিৰীক অসুস্থতাৰ বাবে সাময়িক মুক্তি বিচাৰি আদালতত আবেদন কৰিছিল৷

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে লালুৰ জ্যেষ্ঠ পুত্ৰ তেজ প্ৰতাপৰ বিবাহ উপলক্ষে আদালতে ৩ দিনৰ সাময়িক মুক্তি প্ৰদান কৰিছিল৷ সাময়িক মুক্তি লাভৰ পিছতেই পুত্ৰৰ বিবাহ উপলক্ষে ৰাষ্ট্ৰীয় জনতা দলৰ অধ্যক্ষগৰাকী পাটনাত উপস্থিত হয়৷ 

উল্লেখ্য যে, খাদ্য দুৰ্নীতিৰ অভিযোগত দোষী সাব্যস্ত হৈ লালু প্ৰসাদ যাদৱ কাৰাবাস খাটি আছে৷ লালুৰ জ্যেষ্ঠ পুত্ৰ তথা বিহাৰৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী তেজ প্ৰতাপৰ বিবাহ ৰাষ্ট্ৰীয় জনতা দলৰ বিধায়ক চন্দ্ৰিকা ৰায়ৰ কন্যা ঐশ্বৰ্য্য ৰায়ৰ সতে ১২ মে’ত পাটনাত সম্পন্ন হ’ব৷ 

নিজৰ শাৰিৰীক অসুস্থতৰ দোহাই দি লালু প্ৰসাদ যাদৱে দিল্লীস্থ এইমছক এখন পত্ৰ প্ৰেৰণ কৰি তেওঁৰ চিকিৎসা এইমছত কৰাবলৈ আবেদন কৰিছিল৷ ৰাষ্ট্ৰীয় জনতা দলৰ অধ্যক্ষ লালু প্ৰসাদ যাদৱে এইমছলৈ প্ৰেৰণ কৰা পত্ৰত লিখিছিল, ‘মই পুনৰ ৰাঁচীৰ চিকিৎসালয়লৈ যাব নিবিচাৰোঁ৷ মোৰ চিকিৎসা এইমছতে কৰা হওঁক৷ মই শাৰিৰীকভাৱে খুৱেই অসুস্থ৷ ৰাঁচীৰ চিকিৎসালয়ত মোৰ চিকিৎসাৰ নিমিত্তে উপযুক্ত ব্যৱস্থা নাই৷’