newsnextone.com | ডিজিটেল ডেস্কঃ আগন্তক ১৫ অাগষ্টৰ ভিতৰত দেশৰ ৫০ লাখ কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ সম্ভাৱনা আছে৷ কেন্দ্ৰীয় কৰ্মচাৰীসকলে বিগত কেইবাদিনৰ পৰা সপ্তম দৰমহা আয়োগৰ ওচৰত আবেদন উত্থাপন কৰি দৰমহা বৃদ্ধিৰ বাবে অপেক্ষা কৰি আছিল৷
শেষত অহা ১৫ আগষ্টত দৰমহা বৃদ্ধিৰ বিষয়ে নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে৷
এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাতৰি কাকতক বাতৰি অনুসৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১৫ আগষ্টত কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ বিষয়ে চৰকাৰৰ চিন্তাধাৰা ঘোষণা কৰিব বুলি জানিব পৰা গৈছে৷
আনহাতে দৰমহা বৃদ্ধিৰ উপৰিও কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় কৰ্মচাৰীসকলক আন এক সু-সংবাদ জনাব বুলি আশা কৰা হৈছে৷ কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় কৰ্মচাৰীৰ অৱসৰৰ বয়স ৬০ বছৰৰ পৰিৱৰ্তে ৬২ বছৰলৈ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে৷
আনফালে, কিছুদিন পূৰ্বে বিত্ত ৰাজ্য মন্ত্ৰী পি ৰাধাকৃষ্ণনে কৈছিল যে সদ্যহতে সপ্তম দৰমহা আয়োগৰ আবেদনৰ ভিত্তিত দৰমহা বৃদ্ধিৰ বাবে চৰকাৰে কোনো ধৰণৰ আঁচনি গ্ৰহণ কৰা নাই৷
প্ৰধানমন্ত্ৰী মোডীয়ে লালকিল্লাত প্ৰদান কৰা ভাষণত কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ বাবে আয়োগে কৰা আবেদন তথা অৱসৰৰ বয়স বৃদ্ধিৰ বাবে কৰা আবেদনৰ পিছত চৰকাৰৰ সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰাৰ সম্ভাৱনা আছে৷
সদ্যহতে কৰ্মচাৰী সকলে ২.৫৭ৰ ফিটমেন্ট ফৰ্মুলাৰ অধীনত দৰমহা লাভ কৰি আছে৷ কৰ্মচাৰী সকলে বহু দিনৰ পৰা তেওঁলোকৰ সাধাৰণ দৰমহা ২৬ হাজাৰলৈ বৃদ্ধি কৰাৰ বাবে দাবী উত্থাপন কৰি আহিছে৷ কিন্তু আয়োগে ১৮ হাজাৰ পৰ্যন্ত সাধাৰণ দৰমহা ধাৰ্য্য কৰিবলৈ চৰকাৰৰ ওচৰত আবেদন কৰিছে৷