newsnextone.com | ডিজিটেল ডেস্কঃ তামিলনাডুত প্ৰতিবাদ কৰিবলৈ ওলাই অহা লোকক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে নিৰ্বিচাৰ গুলিচালনা কৰাত এতিয়ালে ৯গৰাকী লোকৰ মৃত্যু হয়৷ অধিক লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে৷ গুৰুতৰ ভাবে আহত হয় প্ৰায় ২০গৰাকী লোকক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে৷

ৰাজ্য চৰকাৰে কিমান লোক নিহত-আহত হৈছে সেই কথা বিবৃতি দি এতিয়ালৈ ৰাজহুৱা কৰা নাই৷ আৰক্ষীয়েও এতিয়ালৈ এই তথ্য সংবাদ মাধ্যমক জানিবলৈ দিয়া নাই৷ সংবাদ মাধ্যমৰ মতে ৯-১১গৰাকী লোকৰ মৃত্যু হৈছে৷

বিগত বহু দিন ধৰি তামিলনাডুৰ টুটিকোৰিনৰ ষ্টাৰ লাইট নামৰ তামৰ উদ্যোগ এটা বন্ধ কৰাৰ দাবীত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷ কিন্তু জনসাধৰণৰ প্ৰতিবাদক গুৰুত্ব প্ৰদান কৰা নাই এআইএডিএমকে চৰকাৰে৷ মঙলবাৰে উদ্যোগৰ সন্মুখত প্ৰায় ৫০ হাজাৰ লোক সমবেত হৈ পুনৰ উদ্যোগটো বন্ধ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷ 

তেনে সময়তে উত্তেজিত হৈ পৰা প্ৰতিবাদকাৰীয়ে উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰিবলৈ ৰাওনা হয় আৰু কিছু সময় পাছতে চৰকাৰী কাৰ্যালয় লণ্ড-ভণ্ড কৰিবলৈ ধৰে৷ প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ প্ৰথমে আৰক্ষীয়ে লাঠিচালনা কৰে তাৰ পিছত গুলিচালনা কৰাত ৯গৰাকী লোকৰ মৃত্যু হয়৷ তামিলনাডু চৰকাৰৰ জয় কুমাৰ নামৰ মন্ত্ৰীগৰাকীয়ে প্ৰতিবাদকাৰীয়ে হিংস্ত্ৰ ৰূপ ধাৰণ কৰাৰ বাবে গুলিচালনা কৰিব লগা হয় বুলি কয়৷

আনহাতে বিৰোধী নেতা এম কে স্তালিনে ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰি শীঘ্ৰে উদ্যোগ বন্ধ কৰাৰ দাবী জনায়৷ অভিনেতা ৰজনীকান্ত, কামাল হাছানে নাগৰিক কেতিয়াও অপৰাধী হ’ব নোৱাৰে বুলি কয়৷ কিন্তু তথাপিও প্ৰাণ হেৰুৱাব লগা হ’ল বুলি কয়৷ এয়া চৰকাৰৰ গাফিলতি আখ্যা দি শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক প্ৰশাসনে উত্তেজিত কৰা বুলি কয়৷

উল্লেখ্য যে, ২০১৩ চনত উদ্যোগটো স্থাপন হৈছিল৷ জনবসতি প্ৰধান এলেকাত উদোগটো স্থাপন কৰাৰ পিছৰে পৰা বহু লোকৰ বিভিন্ন প্ৰকাৰৰ ৰোগ হ’বলৈ ধৰে৷ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ নীতি উলংঘা কৰি উদ্যোগ স্থাপন কৰাৰ অভিযোগ উত্থাপন কৰে৷ ৰাইজৰ অভিযোগৰ পিছতে প্ৰথমে বন্ধ কৰাৰ নিকৰ্দেশ দিয়ে যদিও ৰাষ্ট্ৰীয় গ্ৰীন ট্ৰিবিউনেলে পুনৰ উদ্যোগটো খোলাৰ নিৰ্দেশ দিয়ে৷ তাম কাৰখানা বন্ধ কৰাৰ দাবীত ৰাইজে প্ৰতিবাদ কৰিবলৈ ওলাই আহি ৯ জনকৈ লোকে প্ৰাণ হেৰুৱাব লগা হয়৷