ডিজিটেল ডেস্কঃ দেশৰ মাথো কেইখনমান ৰাজ্যৰ বাহিৰে আন আন ৰাজ্যত চৰকাৰে প্ৰকৃত ভৰতীয় নাগৰিকক আধাৰ কাৰ্ড প্ৰদান কৰিছে। কিন্তু অসমত এতিয়ালৈ প্ৰদান কৰা হোৱা নাই আধাৰ কাৰ্ড। আধাৰ কাৰ্ডক লৈ দেশত নানা জল্পনা-কল্পনা।
তাৰ মাজত এটা খবৰে সকলোৰে চকু কপালত তুলিছে। ২০০-ৰো অধিক কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ ৱেবছাইডত আধাৰৰ গোপন তথ্য ফাদিল হোৱাৰ খবৰ প্ৰকাশ পাইছে। গোপনীয় তথ্য ৱেব ছাইড যোগে ফাদিল হোৱাত হৈ-চৈৰ সৃষ্টি হয়।
তথ্যৰ অধিকাৰ সংক্রান্ত প্রশ্নৰ উত্তৰত এই কথা স্বীকাৰ কৰে আধাৰ সংস্থা ইউনিক আইডেন্টিফিকেশন অথৰিটি অফ ইণ্ডিয়াই (UIDAI)।
এই বৃহৎ ভুল কেনেদৰে হ’ল এই বিষয়ে নিশ্চিত তথ্য লাভ কৰা নাই। শীঘ্ৰে এই ৱেব চাইডবোৰৰ পৰা আধাৰৰ তথ্য সমুহ নহোৱা কৰা হ’ব বুলি আশ্বাস দিয়ে UIDAI। আধাৰৰ তথ্য যি কোনো কাৰণত ৰাজহুৱা কৰিব নোৱাৰি বুলি প্রকাশ সেয়া স্বীকাৰ কৰে চৰকাৰী সংস্থাটোৱে।
UIDAI-এ প্রায় ২১০টা কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ ৱেব ছইডত আধাৰ নম্বৰৰ লগত সংযুক্ত বিভিন্ন তথ্য, যেনে নাম, ঠিকনা আৰু অন্যান্য তথ্য খোলা অৱস্থাত আছে বুলি কয়।
নাগৰিকৰ ব্যক্তিগত তথ্যৰ সুৰক্ষাৰ বাবে UIDAI-এ প্রতিদিনে কাম কৰি আছে বুলি জনায়৷ নিৰাপত্তাৰ খাতিৰত নিয়মিত অডিট চলিছে আৰু নথিৰ সুৰক্ষাৰ কাৰণে যাৱতীয় ব্যৱস্থা লোৱা হৈছে বুলি জনাই সংস্থাটোৱে।