News Next One - ৰাজ্যৰ উচ্চ মাধ্যমিকৰ ফলাফলৰ ক্ষেত্ৰত সংঘটিত কেলেংকাৰী সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নিখিল ভাৰত ছাত্ৰ ফেডাৰেচনে। এক প্ৰেছ বিবৃতিৰ জৰিয়তে এ আই এছ এফৰ ৰাজ্যিক সভাপতি মানস বৰা আৰু উপ সভাপতি বিতোপন গগৈয়ে কয় যে চৰকাৰে নিৰ্বাচনৰ বাবে পৰীক্ষা সমূহ পিছুৱাই নিদি সময়ত অনুষ্ঠিত কৰা হ'লে যোৱা প্ৰায় ছমাহে পৰীক্ষাক লৈ চলি থকা অচলাৱস্থা, বেমেজালি, কেলেংকাৰীৰ সৃষ্টি নহ'লহেঁতেন।

ক'ভিড সৃষ্ট পৰিস্থিতিৰ মাজলৈ এই গুৰুত্বপূৰ্ণ পৰীক্ষা দুটাক ঠেলি দি বিকল্প মূল্যায়ন পদ্ধতিৰে ফলাফল ঘোষণাৰ সিদ্ধান্ত গ্ৰহণ কৰি সেই দায়িত্বও চৰকাৰখনে সুকলমে পালন কৰিব পৰা নাই ৷ শিক্ষক, অধ্যক্ষ, জিলা শিক্ষা বিষয়াৰ পৰা ছেবাৰ কৰ্মচাৰীলৈকে চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে ধনৰ বিনিময়ত অধিক নম্বৰ প্ৰদানৰ অসৎ পন্থা অৱলম্বন কৰাৰ ঘটনা পোহৰলৈ অহা কাৰ্যই চৰকাৰৰ ব্যৰ্থতাকে প্ৰমাণিত কৰিছে ৷

এই কেলেংকাৰী বৰ্তমান কামৰূপ জিলাত ধৰা পৰিছে যদিও ই সমগ্ৰ ৰাজ্যতে সংঘটিত হোৱাৰ সন্দেহ আছে। এ আই এছ এফে এই কেলেংকাৰীৰ ক্ষিপ্ৰ তদন্ত দাবী কৰিছে। মূল্যায়ন পদ্ধতি নিকা আৰু বিসংগতি বিহীন কৰাৰ বাবে ৰাজ্যিক আৰু জিলা পৰ্যায়ত অৱসৰ প্ৰাপ্ত ন্যায়াধীশ আৰু প্ৰসাশনিক বিষয়াৰে নিৰীক্ষণ সমিতি গঠনৰ বাবে দাবী জনাই সংগঠনটোৱে কয় যে এই ৰাজ্যিক বা জিলা পৰ্যায়ৰ নীৰিক্ষণ সমিতিয়ে ফলাফল ঘোষণা কৰাৰ পূৰ্ব্বেই যিকোনো সময়ত ৰিজাল্টৰ কামৰ সৈতে জড়িত শিক্ষা বিভাগৰ যিকোনো কাৰ্যালয়ত গৈ এই সম্বন্ধীয় কামকাজ নীৰিক্ষণ কৰিব পৰা কৰ্তৃত্বৰে গঠন কৰিব লাগিব এক বিশেষ সমিতি ৷

এই সমিতি সমূহে নিৰপেক্ষ ভাৱে কোনো লোকে এই ক্ষেত্ৰত কোনো অসৎ কাৰ্যত লিপ্ত হৈছে নেকি সেই কথা নীৰিক্ষণ কৰিব। উচ্চ বা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্টৰ ক্ষেত্ৰত কোনো কাৰণতে কোনো ধৰণৰ কেলেংকাৰী বা বিসংগতি মানি লোৱা নহ'ব বুলি চৰকাৰক দাবী জনাই আহিছে লগতে এ আই এছ এফে কয় যে এই শিক্ষাৰ্থী সকলৰ ভৱিষ্যতক লৈ এনেদৰে হেতালি খেলা কাৰ্য সহ্য কৰা নহ'ব।

প্ৰেৰকঃ মানস বৰা, সভাপতি
এআইএছএফ, অসম