News Next One ,বিশ্বনাথ চাৰিআলি ,২৫ আগষ্ট ঃ বিশ্বনাথ চাৰিআলিৰ আদালতৰ সমীপৰ পৰাই আজি এক প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ কৰা হয় ৷ জানিব পৰা মতে এটা নিৰ্মিয়মান পথত পেলাই থোৱা ব্লক ইটাৰ মাজত সোমাই থকা সাপটোক স্থানীয় ৰাইজে দেখা পাই আৰু তাৎক্ষণিকভাবে খবৰ পোৱা বিশ্বনাথ চাৰিআলিৰে যুৱক এগৰাকীয়ে উদ্ধাৰ কৰে অজগৰটোক ৷

কামাল শ্বেখ নামৰ সাহসী যুৱক জনে উদ্ধাৰ কৰা সাপটো দীঘলে প্ৰায় ৮ মিটাৰ আৰু ওজনে ১২-১৫ কেজি মানৰ হব বুলি ধাৰণা কৰা হৈছে ৷ প্ৰকাণ্ড অজগৰটোক কালামে আনকি নিজৰ গাতো মেৰিয়াই লৈ চহৰ মাজত উপস্থিত হয় ৷ এই দৃশ্য চাবলৈ বহু মানুহে ভীৰ কৰে ৷ অৱশেষত স্থানীয় লোকৰ সহযোগত প্ৰকাণ্ড অজগৰটোক বনবিভাগক চমজি দিয়ে ৷ উল্লেখ্য যে কামাল শ্বেখ নামৰ যুৱকজন এই পৰ্যন্ত তিনিশৰো অধিক সাপ ধৰা বুলি জানিব দিয়ে ৷

বিশ্বনাথ চাৰিআলিৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ ৷