24
Jun
তেজপুৰঃ সংঘ পৰিয়ালৰ পিতামহস্বৰূপ নেতা ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীৰ মৃত্যুৰ দিনতো ভাৰতীয় জনতা পাৰ্টীয়ে বলিদান দিৱস হিচাপে পালন কৰে। কেন্দ্ৰীয় চৰকাৰে তৃতীয় বছৰৰ বাবে মুখাৰ্জীৰ মৃত্যুতিথিটো পালন কৰে যদিও অসমত ২০১৬ বৰ্ষৰ পৰাহে বলিদান দিৱস ৰাজ্যিকভাৱে পালন কৰা হয়।
এই উপলক্ষে কালি পুৱা ১০ বজাত শোণিতপুৰ জিলাৰ কাৱৈমাৰীৰ অমিয় ভৱনত বিজেপিৰ বিহগুৰি ব্লক মণ্ডল সমিতিৰ উদ্যোগত 'বলিদান দিৱস’ৰ কাৰ্যসূচী হাতত লোৱা হয়। উক্ত সভাত সভাপতিত্ব কৰে বিহগুৰি ব্লক সমিতিৰ স্হায়ী সভাপতি অতুল নাথে।
সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে দলৰ ৰাজ্যিক সম্পাদক দিপ্লু ৰজ্ঞন শৰ্মা, শোণিতপুৰ জিলা সমিতিৰ সভাপতি মৃণাল শইকীয়া, জিলা সাধাৰণ সম্পাদিকা স্বপ্না বনিয়া, পূৰ্ণকালীন সদস্য ভৱেশ ডেকা, শোণিতপুৰ জিলা প্রভাৰী ৰতন দাস প্ৰমূখ্যে বহুকেইজন জিলা তথা ব্লক সমিতিৰ বিষয়ববীয়া আদি।