News Next one ঃ কভিড১৯ৰ অতিমাৰী ভয়াবহ ৰূপ ধাৰন কৰা বিশ্বনাথৰ উত্তৰে অসম অৰুণাচল সীমান্তৱৰ্তীৰ কেইবাখনো ৰাজহ গাওঁত দ্ৰুতগতিত সংক্ৰমন বৃদ্ধি পাইছে ৷

খবৰ অনুসৰি মহালক্ষী চাহ বাগিচাত চটে কুমাৰ (৪৯)নামৰ লোকজনে কভিড১৯ত আক্ৰান্ত হৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে ৷ ইয়াৰ উপৰিও তৰাজুলি ৰাজহ গাওঁতো ৪ গৰাকীকৈ লোকৰ দেহত কভিড১৯ ধৰা পৰে ৷ পৰিস্থিতি পৰ্যাবেক্ষন কৰা বিশ্বনাথ খণ্ড স্বাস্থ্য কেন্দ্ৰৰ SDMO ডা°দুলুমনি শইকীয়াৰ নিৰ্দেশ মৰ্মে বিশ্বনাথ খণ্ড স্বাস্থ্য কেন্দ্ৰৰ MPW অচিন্ত্য ৰাভা আৰু ৰাতুল কছাৰী নেতৃত্বত চিকিৎকৰ দলটোৱে আজি অসম অৰুণাচল সীমান্তৱৰ্তীৰ ভীমাজুলি আৰু শ্যামবস্তি গাওঁত কভিড১৯ৰ পৰিস্থিতি বুজ লোৱাৰ লগতে কভিড১৯ টেষ্ট কৰে ৷

এই পৰ্যন্ত ভীমাজুলি আৰু শ্যামবস্তি গাওঁত মুঠ ১০০ গৰাকী লোকক কভিড টেষ্ট কৰি এগৰাকী ৫মহীয়া দেৱশিশু সহ ৭ গৰাকীকৈ লোকৰ দেহত ধৰা পৰে কভিড১৯ ৷ উল্লেখ্য যে অসম অৰুণাচল সীমান্তৱৰ্তীৰ শ্যামবস্তি নামৰ ভিতৰুৱা গাওঁত বিপদ সংকুল পথ ৷

দলঙৰ নামত কেইডাল মান দিয়া বাঁহত সাকোত মৰণক শৰণ দি পাৰ হোৱা চিকিৎসকৰ দলটোৱে কভিড অতিমাৰীৰ ৰোগীক চিনাক্ত কৰি চিকিৎসাৰ ব্যৱস্থা কৰাই ৷ মন কৰিবলগা বিষয় যে কভিড১৯ ৰোগীক বিপদ সংকুল পথেৰে প্ৰায় ১কিলোমিটাৰ পথেৰে খোজকঢ়াব লগীয়া পৰিস্থিতিৰো সন্মুখিন হয় চিকিৎসকৰ দলটোৱে ৷ একাংশ সচেতন ৰাইজে চিকিৎসকৰ দলটোৰ এই কৰ্মস্পৃহাক প্ৰশংসা কৰে ৷ অৱশ্যে এই ক্ষেত্ৰত বালিচাং আৰক্ষী চকীৰ আৰক্ষী কৰ্মী আৰু জগন্নাথ কুৰ্মীৰ নেতৃত্বত গাওঁৰক্ষী বাহিনীৰ দলটোৰ লগতে বিশিষ্ট সমাজকৰ্মী ৰাতুল নাথেও বিশেষ ভাবে সহযোগ কৰে ৷

বিশ্বনাথ চাৰিআলিৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ’ৰ প্ৰতিবেদন ৷