NEWS NEXT ONE , ঃ কভিড পৰিস্থিতিক লৈ বিশ্বনাথ জিলা প্ৰশাসনে কঠোৰ হৈ পৰিছে ৷ অাজি মঙ্গলবাৰৰ পৰা বিশ্বনাথ চাৰিআলি , গহপুৰ , আৰু চতিয়াৰ নগৰ এলেকাত গেলামালৰ দোকান , ফলমূল আৰু পাছলিৰ দোকান সম্পূৰ্ণ ৰূপে বন্ধ থাকিব ৷

প্ৰয়োজন সাপেক্ষে অসামৰিক খাদ্য যোগান বিভাগৰ পঞ্জীয়নপ্ৰাপ্ত ভেণ্ডৰ সকলে দিনৰ ১২ বজা পৰ্যন্ত প্ৰয়োজনীয় গেলামালৰ সামগ্ৰী হোম ডেলিভাৰী দিব পাৰিব ৷ বেঙ্ক পুৱা ৯ বজাৰ পৰা দিনৰ ১২ বজালৈকে খোলা থাকিব ৷

কৃষি বিভাগৰ অনুমোদন প্ৰাপ্ত ভেণ্ডৰ সকলে দিনৰ ১২ বজা পৰ্যন্ত শাক পাছলি হোম ডেলিভাৰী দিব পাৰিব ৷ লগতে ২৪ ঘণ্টাই কাৰ্ফিউ থাকিব ৷ পৰবৰ্তী নিৰ্দেশনা জাৰী নকৰা পৰ্যন্ত এই নিয়মেই বাহাল থাকিব ৷

বিশ্বনাথ চাৰিআলিৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ