News Next One ,বিশ্বনাথ চাৰিআলিৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ’ৰ প্ৰতিবেদন ,৬ জুলাইঃ- বিশ্বনাথ জিলাৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তীৰ অঞ্চলৰ নাহৰণি(মধুপুৰ) গাওঁৰ নৰেশ মণ্ডল (১৪) নামৰ কিশোৰ গৰাকীৰ দেহত ক'ভিড-১৯ ৰোগ ধৰা পৰে ৷ বিশ্বনাথ জিলা প্ৰশাসনে কনটেন্টমেণ্ট জ’ন (সংবৰণ ক্ষেত্ৰ) হিচাবে ঘোষনা কৰা স্থানীয় লাট মণ্ডল অৰুণ বৰাই পৰিয়াল বৰ্গক সাক্ষাৎ কৰি ক'ভিড-১৯ সম্পৰ্কীয় নীতি বিধি পালন কৰিবৰ অনুৰোধ জনাই আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা অনা সাহাৰ্য সামগ্ৰী সমুহ প্ৰদান কৰে ৷ সমাজকৰ্মী ৰাতুল নাথ তৰাজুলি গাওঁৰক্ষী বাহিনীৰ সভাপতি কৃষ্ণ বসুমতাৰী আৰু নাহৰণি গাওঁৰক্ষী বাহিনীৰ সম্পাদক ৰঞ্জিত বিশ্বাস উপস্থিত থাকি পৰিয়াল বৰ্গক সান্ত্বনা প্ৰদান কৰাৰ লগতে ক'ভিড-১৯ ৰ নীতি নিয়ম পালন কৰিবৰ বাবে পৰিয়াল বৰ্গক আহ্বান জনায় ৷

বিশ্বনাথ চাৰিআলিৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ’ৰ প্ৰতিবেদন ৷