News Next One - পথ বহলিকৰণৰ বাবে চূড়ান্ত গাফিলটিৰে ওদালগুৰি জিলাৰ কৌপাতিত গছ কাটি থকাৰ অৱস্থাত গছৰ ডাল বিজুলী ট্ৰান্সফাৰমাৰ ওপৰত পৰি যোৱাত বৈদ্যুতিক খুঁটা কাপোৰৰ দোকান এখনৰ ওপৰত পৰে ফলত তিনি গৰাকী গ্ৰাহক গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয়।
বন বিভাগে আহত ব্যক্তি কেইগৰাকীক আৰক্ষীক অৱগত নকৰাকৈ ততাতৈয়াকৈ চিকিৎসালৈ প্ৰেৰণ কৰে। দেওবাৰে দিনৰ ভাগত সেই স্থানত যথেষ্ট মানুহৰ সমাগম হয়। বন বিভাগ আৰু বিদ্যুৎ বিভাগৰ সন্মিলিত সুপৰিকল্পিত পৰিকল্পনাৰ অভাৱৰ বাবেই এই অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হৈছে বুলি স্থানীয় লোকে দোষাৰোপ কৰিছে।
দৰঙৰ পৰা বৰ্ণিল বৰুৱা