newsnextone.com | গুৱাহাটীঃ কাৰ্বি আংলঙৰ ডকমকাৰ পাঞ্জুৰী নামৰ গাঁৱত ছচিয়েল মিডিয়াত উৰা বাতৰি প্ৰচাৰ হোৱাৰ পিছতেই প্ৰতিয়ন গৈ একাংশ লোকে গুৱাহাটীৰ উদীয়মান দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক সোপাধৰা বুলি সন্দেহ কৰি অতি নৃশংসভাৱে হত্যা কৰাৰ ঘটনা সংঘটিত হোৱাৰ পিছতে অসম আৰক্ষীয়ে ছচিয়েল মিডিয়াত তীক্ষ্ন নজৰ দিয়া পৰিলক্ষিত হৈছে৷ তাৰ লগে লগে  বেৱ মিডিয়া সংবাদ প্ৰতিষ্ঠানে কাৰ্বি আংলঙৰ ঘটনাক গৰিহণা দি ছচিয়েল মিডিয়াত নজৰ ৰাখিছে৷ দেওবাৰে ৰাজ্যজুৰি ৰাইজ ৰাজপথলৈ ওলাই আহি ডকমকা কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদো সাব্যস্ত কৰে৷

তাৰ মাজতে যোৱা তিনি জুনত গঠন হোৱা ‘ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট এচোছিয়েচন অৱ আসাম’ চমুকৈ ডিমজাই দেওবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এখন বিশেষ বৈঠক অনুষ্ঠিত কৰে৷ ডিমজাৰ সভাপতি স্বপ্নীল ভড়ালীৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত ৰাজ্যৰ শেহতীয়া পৰিস্থিতি আৰু ছচিয়েল মিডিয়াত একাংশ লোকে ভুৱা বাতৰি প্ৰচাৰ কৰা ঘটনাক লৈ চিন্তা জাহিৰ কৰে৷ 

ডিমজাই কাৰ্বি আংলঙৰ বৰ্বৰ কাণ্ডক তীব্ৰ গৰিহণা দিয়ে। ডিমজাৰ সম্পাদক জ্যেষ্ঠ সাংবাদিক মানস ৰয়ে সভ্য সমাজৰ বাবে এনে ঘটনা কেতিয়াও কেতিয়াও কাম্য নহয় বুলি কয়৷ ঘটনাৰ সৈতে জৰিত লোকক আটক কৰি উচিত শাস্তি দিবলৈ দাবী উত্থাপন কৰে৷

ৱেব মিডিয়া তথা ডিজিটেল সাংবাদিকসকলৰ সংগঠনটোৱে দেওবাৰে দিছপুৰ প্ৰে’ছ ক্লাবত প্ৰথমখন বৈঠক অনুষ্ঠিত কৰি সংগঠনৰ নীতি নিৰ্ধাৰণ কৰাৰ লগতে সদস্যভৰ্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে৷ বৈঠকত ছচিয়েল মিডিয়াত ভুৱা বাতৰি প্ৰচাৰ আৰু পয়োভৰৰ বিষয়টোক গুৰুত্ব সহকাৰে লৈ চৰকাৰ তথা আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়৷

ভুৱা বাতৰিত ভোল নগৈ ছ’ছিয়েল মিডিয়াত পোৱা যিকোনো খবৰ প্ৰচাৰৰ পূৰ্বে সত্য সত্যতা পৰীক্ষা কৰিবলৈ ডিমজাই ছচিয়েল মিডিয়াত সক্ৰিয় লোকক আহ্বান জনায়। অসমৰ সমাজ জীৱন তথা সামাজিক গাঁথনি অস্থিৰ কৰি তুলিবলৈ ন্যস্ত স্বাৰ্থজড়িত মহলে ষড়যন্ত্ৰ চলোৱা বুলি ডিমজাই আশংকা প্ৰকাশো কৰে। এনে ষড়যন্ত্ৰৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজিবলৈ সিদ্ধান্ত লৈ ডিমজাই সকলো সদস্যকে ভুৱা বাতৰিৰ প্ৰচাৰৰ বিৰুদ্ধে সজাগ হৈ থাকিবলৈ আহ্বান জনায়। ডিমজাৰ বৈঠকত প্ৰতিভাৱান যুৱক নিলোৎপল দাস আৰু অভিজিত নাথৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

উল্লেখ্য যে, ইতিমধ্যে অসম আৰক্ষীয়ে ছচিয়েল মিডিয়াত উত্তেজনা বিয়পাব খোজা লোকৰ খবৰ দিবলৈ ৰাইজৰ বাবে বিশেষ ফোন নম্বৰ প্ৰকাশ কৰিছে৷ ০৩৬১-২৫২১২৪২, ৯৪৩৫২১৫০২৯, ০৩৬১-২৩৮১১১, ০৩৬১-২৩৮০৬২০ আৰু হোৱাটছএপ ৮৭৪৯৮-৬০৮০৩ নম্বৰ ৰাজহুৱা কৰে৷ ইয়াৰ লগে লগে দেওবাৰে দিনটোত ছচিয়েল মিডিয়াত উত্তেজনামূলক আপডেট দিয়া ৫গৰাকী লোকক আটক কৰে আৰক্ষীয়ে৷ চছিয়েল মিডিয়াত উত্তেজিত পোষ্ট দিয়া ৫ যুৱকক দেওবাৰে দিনটোত আটক কৰে৷ দৰং, ডিব্ৰুগড়, গুৱাহাটী মহানগৰ, নগাঁও জিলাৰ ৫জনকৈ যুৱকক আটক কৰে৷