গোলাঘাট, ১৩ ছেপ্টেম্বৰ : ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে গোলাঘাট জিলাতো যোৱা ১ ছেপ্টেম্বৰৰ পৰা গৰ্ভৱতী আৰু প্ৰসূতি মাতৃৰ মাজত পৰিপুষ্টি তথা প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা আঁচনি সম্পৰ্কে তৃণমূল পৰ্যায়তে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আৰম্ভ হোৱা মাত্ৰু বন্দনা সপ্তাহৰ যোৱা ৭ ছেপ্টেম্বৰত সামৰণি পৰে ।

এই উপলক্ষে আজি গোলাঘাট নগৰত থকা জিলা পৰিষদৰ কাৰ্য্যালয়ৰ সভাকক্ষত সামৰণি অনুষ্ঠান আৰু মাত্ৰু বন্দনা সপ্তাহত উৎকৃষ্ট প্ৰদৰ্শন কৰা সংহত শিশু উন্নয়ন প্ৰকল্পক সম্বৰ্ধনা জনোৱা হয় । জিলা উন্নয়ন আয়ুক্ত শ্ৰীযুতা অৰ্পা বাগলাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত শিশু উন্নয়ন প্ৰকল্প বিষয়া, খণ্ড উন্নয়ন বিষয়াসকল, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া, আই চি ডি এছৰ ছুপাৰভাইজৰ আৰু বিষয়া-কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে ।

সপ্তাহযোৰা কাৰ্যসূচীৰ অংশৰূপে জিলাখনৰ সংহত শিশু উন্নয়ন প্ৰকল্পসমূহৰ অধীনৰ প্ৰতিটো অংগনবাড়ী কেন্দ্ৰত চেলফি কৰ্ণাৰ স্থাপন, গাঁও পৰ্যায় আৰু প্ৰকল্প পৰ্যায়ত গাঁও সভা, সজাগতা সভা আদি অনুষ্ঠিত কৰা হয় । আনহাতে ঘৰে ঘৰে গৈ ৰাইজক সজাগ কৰাৰ প্ৰয়াস চলোৱাৰ লগতে পত্ৰিকা বিতৰণ, অস্থায়ী তথ্য কেন্দ্ৰ স্থাপন, জিলা পৰ্যায়ত স্বাস্থ্য আৰু অনাময় সন্দৰ্ভত আলোচনাচক্ৰ আদি অনুষ্ঠিত হয় ।

ইফালে আজিৰ অনুষ্ঠানতে এইবাৰ মাত্ৰু বন্দনা সপ্তাহত উৎকৃষ্ট প্ৰদৰ্শন কৰা কাকডোঙা আৰু গোলাঘাট (উত্তৰ) সংহত শিশু উন্নয়ন প্ৰকল্পক সম্বৰ্ধনা জনোৱা হয় ।উল্লেখযোগ্য যে এইবাৰ 'সুৰক্ষিত জননী, বিকশিত ধৰণী'ক বিষয়বস্তু হিচাপে লৈ প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ অধীনত প্ৰথমবাৰলৈ গৰ্ভৱতী হোৱা মাতৃসকলক পঞ্জীয়নৰ প্ৰতি সজাগ কৰাৰ উদ্দেশ্যে মাত্ৰু বন্দনা সপ্তাহ উদযাপন কৰা হৈছে । এই সপ্তাহৰ উদ্দেশ্য হৈছে আচঁনিখনৰ বিষয়ে জনসজাগতা সৃষ্টি কৰা । এই আঁচনিৰ অধীনত প্ৰথমবাৰলৈ গৰ্ভৱতী হোৱা মাতৃসকলক পঞ্জীয়ন কৰি তিনিটা কিস্তিত ৫০০০টকা প্ৰদান কৰা হয় ।