NEWS NEXT ONE - ৰাজ্য চৰকাৰে ক'ভিড 19 মহামাৰীৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্রতি লক্ষ্য ৰাখি গোলাঘাট জিলাত অব্যাহত থকা সম্পূৰ্ণ কণ্টেইনমেণ্ট জ'নৰ নিষেধাজ্ঞা বাহাল ৰখাৰ নিৰ্দেশ দিছে । সমগ্ৰ গোলাঘাট জিলাখনেই ২০ জুলাইৰ পুৱা ৫ বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে পূৰ্বৰ দৰেই সম্পূৰ্ণ কণ্টেইনমেণ্ট জ'ন হৈ থাকিব । সেই অনুসৰি -

1) ২০ জুলাইৰ পুৱা ৫ বজাৰ পৰা জিলাখনৰ সকলো ঠাইতে ২৪ ঘণ্টাই সান্ধ্য আইন বলৱৎ হৈ থাকিব ।
2) গেলামালৰ দোকান, ফলমূল আৰু শাক-পাচলিৰ দোকান, দুগ্ধজাত সামগ্ৰীৰ বিক্ৰীকেন্দ্র আৰু পশুখাদ্যৰ বিক্ৰীকেন্দ্ৰ বিয়লি ৫ বজালৈকে খোলা ৰাখিব পাৰিব যদিও অন্য সকলো দোকান তথা ব্যৱসায় প্ৰতিষ্ঠান সম্পূর্ণৰূপে বন্ধ থাকিব ।
3) জৰুৰীকালীন বিভাগসমূহৰ বাহিৰে আন সকলো চৰকাৰী আৰু ব্যক্তিগত কাৰ্য্যালয় তথা প্ৰতিষ্ঠানৰ কাম-কাজ সম্পূর্ণৰূপে বন্ধ থাকিব ।
4) ধাবা, হোটেল, ৰিজ'ৰ্ট, ৰেষ্টুৰেণ্ট আৰু আন সকলো খাদ্য বিপনী বন্ধ থাকিব ।
5) শীতল ভঁৰাল আৰু গুদামসমূহৰ বিক্ৰী কাউণ্টাৰ আৰু শ্ব'ৰূম বন্ধ ৰাখিব লাগিব ।
6) অত্যাৱশ্যকীয় আৰু জৰুৰী সেৱা, বিধি বলৱৎকাৰী সেৱা আৰু নিৰ্বাচনৰ সৈতে জড়িত কাম-কাজসমূহ অব্যাহত থাকিব।
7) জিলাখনত ৰাজহুৱা তথা ব্যক্তিগত বাহনৰ চলাচল সম্পূর্ণৰূপে বন্ধ থাকিব । কেৱল সামগ্ৰী পৰিবাহী যানবাহনৰ চলাচল অব্যাহত থাকিব ।
8) জিলাখনত এই সময়ছোৱাত বিয়া, অভ্যৰ্থনা, কোনোধৰণৰ সভা তথা সমাবেশ অনুষ্ঠিত কৰিব নোৱাৰিব।
9) ধৰ্মীয় স্থানসমূহ ভক্তৰ বাবে সম্পূর্ণৰূপে বন্ধ থাকিব ।
10) অন্ত্যেষ্টিক্ৰিয়াত ১০ জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব ।
11) ই-কমাৰ্চ ব্যৱস্থাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান অব্যাহত থাকিব ।
12) ফাৰ্মাচী আৰু চিকিৎসালয়, পশুৰ যতন কেন্দ্ৰ আৰু পশু চিকিৎসালয় খোলা থাকিব ।
13) ঔদ্যোগিক গোট আৰু চাহ বাগিচাৰ কাম-কাজসমূহ ক'ভিডৰ নীতি-নিৰ্দেশনা মানি অব্যাহত ৰাখিব পাৰিব ।
14) ইছলাম ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ ঈদ ঘৰতে উদযাপন কৰিব লাগিব । মছজিদত ধৰ্মীয় মুৰব্বীজনকে ধৰি ৫ জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব ।
15) আবকাৰী বিভাগে ক'ভিড প্ৰতিৰোধী ব্যৱস্থা হিচাপে অবৈধ সুৰাৰ উৎপাদন আৰু বিক্ৰীৰ বিৰুদ্ধে ব্যাপক অভিযান অব্যাহত ৰাখিব লাগিব ।