News Next One , বিশ্বনাথ চাৰিআলি , ২০ ছেপ্তেম্বৰ ঃ আজি বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত বিশ্বনাথৰ নগৰ মণ্ডলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনৰ লগত সংগতি ৰাখি আৰু সফল প্ৰশাসনৰ দুই দশক সম্পূৰ্ণ হোৱা উপলক্ষে সেৱা আৰু সমৰ্পণ অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এই কাৰ্যসূচীত বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই ৰোগীসকলৰ মাজত ফলমূল বিতৰণ কৰে ৷ বিশ্বনাথ জিলা বিজেপি ,যুৱ মৰ্চা , অনুসূচিত জাতি, জনজাতি, চাহ জনগোষ্ঠীৰ লগতে অন্যান্য পিছ পৰা শ্ৰেণীৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

বিশ্বনাথ চাৰিআলিৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ