anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে কেইবাটাও দলিত সংগঠনে দিল্লীৰ যন্তৰ-মন্তৰত এছটি-এছচি আইনৰ সপক্ষে ধৰ্ণা প্ৰদৰ্শন কৰে। কেন্দ্ৰীয় চৰকাৰক জনজাতি, দলিত বিৰোধী আখ্যা দি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনসমূহে। উক্ত কাৰ্যসূচীত কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী আৰু বামপন্থী নেতা সীতাৰাম য়েচুৰী উপস্থিত থাকে। 

ধৰ্ণা কাৰ্যসূচীত অংশ লৈ ৰাহুল গান্ধীয়ে তীব্ৰ আক্ৰমণ কৰে বিজেপি চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। মোডীক দলিত বিৰোধী আখ্যা দি সমগ্ৰ দেশত এতিয়া দলিতক অত্যাচাৰ হৈ অহা বুলি কয়। ৰাহুলে কয় যে তেওঁ দলিতক অত্যাচাৰ কৰা হয় তাতেই উপস্থিত হম। 

ৰাহুলে আৰু কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চিন্তা ধাৰণা দলিত বিৰোধী। যেতিয়া গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল তেতিয়া কিতাপ লিখিছিল দলিত চাফ কৰিব পাৰিলে আনন্দ লাগে। মোডীৰ এয়াই চিন্তাধাৰা। যদি তেওঁ দলিতৰ দুখ বুজি পালেতেন তেন্তে তেওঁৰ চৰকাৰৰ নীতি অইন হলহেতেন।

দলিত সংগঠনক সংগ্ৰাম কৰিবলৈ কৈ ৰাহুল গান্ধীয়ে কয় যে  আমি সকলোৱে একত্ৰিত হ'ব লাগিব। সকলোৱে একত্ৰিত হৈ আৰএছএছৰ বিজেপিৰ মানসিকতাক হৰুৱাব লাগিব। তেওঁলোকৰ বিভেদৰ ৰাজনীতি কৰে আৰু মৰমেৰে সকলোৰে সৈতে আগুৱাই যাব লাগিব। ২০১৯ চনত মোডী চৰকাৰ পৰাজয় বৰণ কৰিব সেয়া খাতাং। আপোনালোকে যতেই সংগ্ৰাম নকৰক আমা আপোনালোকৰ সৈতে আছোঁ। এছটি আৰু এছচি আইন দুৰ্বল কৰাৰ বাবে নৰেন্দ্ৰ মোডীক দোষী সাব্যস্ত কৰে।