Krishna-Kumari-set-to-be-first-ever-Hindu-woman-senator-in-Pakistan
Krishna-Kumari-set-to-be-first-ever-Hindu-woman-senator-in-Pakistan

ডিজিটেল ডেস্কঃ এগৰাকী সাধৰণ হিন্দু মহিলাই পাকিস্তানৰ উচ্চ সদন ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাত সংবাদ মাধ্যমত চৰ্চাৰ বিষয় হৈ পৰিছে৷ সমাজকৰ্মী ৰূপে পৰিচিত মহিলাগৰাকীয়ে পাকিস্তান পিপলছ পাৰ্টিৰ পৰা নিৰ্বাচিত হৈছে৷ শাসকীয় পাকিস্তান পিপলছ পাৰ্টিয়ে পাকিস্তানৰ সিন্ধেৰ প্ৰান্তৰ থাৰৰ পৰা কৃষ্ণ কুমাৰী নামৰ দলিত হিন্দু মহিলাগৰাকীক পাকিস্তানৰ মহিলা চিনেটৰ তথা ৰাজ্যসভালৈ প্ৰেৰণ কৰে৷

প্ৰথম দলিত মহিলা চিনেটৰ তথা ৰাজ্যসভাৰ সাংসদ হিচাপে সংসদত প্ৰৱেশ কৰে কুমাৰীয়ে৷ বিলাৱাল ভুট্টু জৰ্দাৰীৰ দল PPP-এ সংখ্যালঘুৰ বাবে সংৰক্ষিত চিনেটৰ আসনৰ বাবে কৃষ্ণ কুমাৰীক মনোনিত কৰে৷ কৃষ্ণ কুমাৰী আৰু তেওঁৰ ভাতৃ সামাজকৰ্মী হিচাপে পৰিচিত পাকিস্তানত৷ PPP দলৰ নেতাৰ সৈতে ভাল সম্পৰ্ক তেওলোকৰ পৰিয়ালৰ৷

ভাতৃ বেৰাণ ইউনিয়ন কাউন্সিলৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷ পাকিস্তানত প্ৰথমগৰাকী হিন্দু মহিলা মেম্বাৰ অৱ নেছনেল এচম্বেলী তথা লোকসভাৰ সদস্য আছিল ৰীতা ইশ্বৰ লাল৷ ২০১৩ চনত মহিলাৰ বাবে সংৰক্ষিত সিন্ধে সমষ্টিৰ পৰা বিজয়ী হৈছিল ৰীতা ইশ্বৰ লালে৷ আনহাতে ২০০৬ চনত  ভগৱান দাস চাবলাক পাকিস্তানৰ PPP দলে প্ৰথম মহিলা চিনেটৰ হিচাপে সংসদলৈ প্ৰেৰণ কৰিছিল৷

পাকিস্তানৰ বিতাড়িত প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ দল PMLNৰ ১৫ গৰাকী চিনেটৰ নিৰ্বাচিত হোৱাত উচ্চ সদনত সংখ্যাগুৰু দল ৰূপে পৰিগণিত হয়৷ পাকিস্তান নিৰ্বাচন আয়োগে বিধান সভা আৰু অন্যান্য জনপ্ৰতিনিধিয়ে ৫২গৰাকী চিনেটৰ বাবে ভোটদান কৰা বুলি কয়৷

চিনেটৰ নিৰ্বাচন কৰাৰ বাবে ভোটদান কৰে৷ বিভিন্ন দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থী সহ ১৩০গৰাকী লোকে নিৰ্বাচনত মনোনয়ন দাখিল কৰিছিল৷ PMLN-এ ১৫ খন আসনত জয়ী হয়৷ ১১ গৰাকী পঞ্জাৱ, ২ খেবৰ পখটুনখা আৰু ২ খন সিন্ধীয়া ৰাজ্যৰ৷ PPP-এ ১২ খন আৰু ইমৰান খানৰ পাৰ্টি তেহৰিক-ই-ইন্সাফে ৬ খন আসনত জয়ী হয় আৰু নিৰ্দলীয় প্ৰাৰ্থী ১০গৰাকী জয়ী হয়৷