anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ তামিলনাডুবাসীক কন্দুৱাই মঙলবাৰে ৬ বাজি ১০ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে এম কৰুণানিধিয়ে। ডিএমকেৰ মুৰব্বী, তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৯৪ বছৰীয়া এম কৰুণানিধিয়ে সকলোকে কন্দুৱাই থৈ গ'ল মঙলবাৰে সন্ধিয়া ৬ বাজি ১০ মিনিটত। কাবেৰী হস্পিতাল কৰ্তৃপক্ষই জাৰি কৰা বিবৃতি যোগে এই কথা স্পষ্ট কৰে।

মৃত্যুৰ পিছতে সমাধিস্থানক লৈ বিতৰ্কৰ সৃষ্টি হয়। তামিলনাডুৰ এআইএডিএমকে চৰকাৰে কৰুণানিধিৰ সমাধিৰ বাবে মৰিণা বীচ্ছত ঠাই নিদিয়াত তীব্ৰ বিতৰ্কৰ সৃষ্টি হোৱাৰ লগতে এই বিষয় এতিয়া আদালতত উত্থাপন হয়। ডিএমকেৰ সমৰ্থকে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগে লগে ডিএমকে নেতাই আদালতৰ ওচৰ চাপে। চৰকাৰে মেৰণি বীচ্ছত ঠাই নিদিয়াৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে। মাদ্ৰাজ উচ্চ ন্যায়ালয়ে নিশাই এই সন্দৰ্ভত শুনানি অনুষ্ঠিত কৰিব বুলি কয়। নিশা ১০ বজাৰ পৰা শুনানি অনুষ্ঠিত হয়। কৰুণানিধিৰ সমাধিৰৰ বাবে চিএন আন্নাদুৰাইত ঠাই বিচাৰি পুত্ৰ ষ্টেলিনে ৰাজ্যৰ মুখ্যমন্ত্ৰী পলিনীস্বামীক পত্ৰ লিখিছিল যদিও মাটি এৰি দিবলৈ ৰাজি নহয়।